অসম

গাঁওবুঢ়াক দুৰ্ব্যৱহাৰৰ অভিযোগ! ‘আপ’ৰ কাউন্সিলৰ মাচুমা বেগমৰ বিৰুদ্ধে প্ৰতিবাদ…

‘আপ’ৰ পৰা নিৰ্বাচিত হোৱা পাৰিষদ মাচুমা বেগমৰ বিৰুদ্ধে প্ৰতিবাদ।

হাতীগাঁৱৰ ৰেডিয়েণ্ট ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ একাংশ লোকে। 

গাঁওবুঢ়া আৰু ৰাজহ চক্ৰ বিষয়াৰ লগত দুৰ্ব্যৱহাৰৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে এই লোকসকলে।

এসপ্তাহৰ ভিতৰত ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীৰ। 

জামাল ৰহমান আৰু ৰাজহ চক্ৰ বিষয়াৰ সৈতে বানপানীৰ সাহায্য দিয়াৰ সময়ত মাছুমা বেগমে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।

উল্লেখ্য যে, দুদিনমান পূৰ্বে বানপানীৰ সাহায্য দিয়াৰ সময়ত মাছুমা বেগমে এজন গাঁওবুঢ়াৰ লগতে কাজিয়া কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।