গংগাস্নান কৰি উভতি অহাৰ পথতে ভয়াবহ দুৰ্ঘটনা! ১০ জনৰ মৃত্যু, আহত ৬

নিউজ ডেস্কঃ গংগাস্নান কৰি ঘৰলৈ উভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ১০ জনকৈ যাত্ৰীয়ে। এই দুৰ্ঘটনাত আন ৬ জন লোক আহত হৈছে। আহত সকলৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে পুৱতিনিশা এই পথ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ পিলিভী জিলাৰ গজৰউলা আৰক্ষী থানা এলেকাত।

জানিব পৰা মতে, হৰিদ্বাৰৰ পৰা গংগা স্নান কৰি উভতি অহা ভক্তৰ এখন বাহন পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰে। যাৰ ফলত ঘাইপথত বাগৰি পৰে যাত্ৰীভৰ্তি বাহনখন।

image 199
গংগাস্নান কৰি উভতি অহাৰ পথতে ভয়াবহ দুৰ্ঘটনা! ১০ জনৰ মৃত্যু, আহত ৬ 3

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি বৰেইলীলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাহনখনত থকা আটাইকেইজন লোকেই হৰিদ্বাৰত গংগাস্নান কৰি ঘৰলৈ উভতিছিল। তেওঁলোকে বুধবাৰে সন্ধিয়া ৫ বজাত হৰিদ্বাৰৰ পৰা গৃহাভিমুখে ওলাই আহিছিল। তাৰ পিছতে বৃহস্পতিবাৰে পুৱতি নিশা চালকে টোপনি যোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

image 201
গংগাস্নান কৰি উভতি অহাৰ পথতে ভয়াবহ দুৰ্ঘটনা! ১০ জনৰ মৃত্যু, আহত ৬ 4

দুৰ্ঘটনাত নিহত সকলক গোলাৰ নিৱাসী লক্ষ্মী (২৮), ৰচনা ক(২৮), সৰলা দেৱী (৬০), হৰ্ষ (১৬), খুশী (২), শশাংক (১৪), আনন্দ (৩), লালমান (৬৫), শ্যামসুন্দৰ (৫৫) আৰু বাহনখনৰ চালক দিলছাদ (৩৫) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে বৰ্তমান গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা সকলক শীলমা শুক্লা (৩৫), সঞ্জীৱ শুক্লা (৩৫), প্ৰশান্ত (১৭), কৃষ্ণপাল শুক্লা (৩৩), পুনম দেৱী (৪২), যশ ত্ৰিবেদী (১৬) আৰু প্ৰবীন (১৭) বুলি চিনাক্ত কৰা হৈছে।