খাৰুপেটীয়া থানাৰ অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীক কলংকিত কৰিলে এজন আৰক্ষী বিষয়াই।

দুজন চৰকাৰী চাকৰিয়ালক ভুৱা গােচৰৰ জৰিয়তে গ্ৰেপ্তাৰ কৰাৰ উপৰি ব্লেকমেইলিঙৰ জৰিয়তে ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী বিষয়া।

এই বিষয়াগৰাকীৰ নাম উৎপল বৰা।

তেওঁ খাৰুপেটিয়া থানাৰ ভাৰাপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত।

G1 6
খাৰুপেটীয়া থানাৰ অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ 2

অভিযােগ অনুসৰি, ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে জল জীৱন মিছনৰ পাইপ চুৰিৰ ভুৱা গােচৰ পঞ্জীয়ন কৰি মধ্যভােগীৰ জৰিয়তে এজন শিক্ষক আৰু চিকিৎসক পৰা ৫ লাখ টকা দাবী কৰিছিল অ’চি উৎপল বৰাই।

এই বিষয়ে উৰ্ধতন কৰ্তৃপক্ষই অভিযােগ পােৱাৰ পিছতে বিভাগীয় তদন্তত সত্য প্ৰমাণিত হয় এই অভিযােগ।

ইয়াৰ পিছতে অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ কৰা হয়।

বৰ্তমানে বিষয়াগৰাকীক দৰং জিলাৰ সদৰ থানাত ৰখা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অচিৰেই জিলা আৰক্ষীয়ে আনুষ্ঠানিকাভাৱে তথ্য প্ৰকাশ কৰিব।