খাৰুপেটিয়া থানাৰ ভাৰাপ্রাপ্ত বিষয়াক গ্রেপ্তাৰ।
গ্রেপ্তাৰ হ’ল OC উৎপল বৰা।
ভুৱা গোচৰ ৰুজু কৰি উৎকোচ বিচৰাৰ অভিযোগ উৎপল বৰাৰ বিৰুদ্ধে।
ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে সংঘটিত কৰিছিল এই ঘটনা।
অভিযোগ অনুসৰি এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকৰ বিৰুদ্ধে জলজীৱন আঁচনিৰ পাইপ চুৰি কৰা বুলি ৰুজু কৰিছিল ভুৱা গোচৰ।
দুয়োগৰাকীৰ পৰা ৫ লাখ টকাৰ উৎকোচ বিচৰাৰ অভিযোগ উৎপল বৰাৰ বিৰুদ্ধে।
ৰুষ্টম আলী আৰু আণ্ডা আলীৰ বিৰুদ্ধে ৰুজু কৰিছিল পাইপ চুৰিৰ ভুৱা গোচৰ।
অৱশেষত চি আই ডিৰ তদন্তত দোষী সাব্যস্ত হোৱা OC উৎপল বৰাক মঙলবাৰে নিশা মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।









