ৰাষ্ট্ৰীয়

কৰ্তব্যনিষ্ঠাঃ সেনাৰ পোছাক পৰিধান কৰিয়েই নিজৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত অংশ ল’লে এগৰাকী ভাৰতীয় সেনা বিষয়াই…

নিউজ ডেস্কঃ ভাৰতীয় সেনা বা আৰক্ষীৰ নিজৰ পোছাকজোৰৰ প্ৰতি থকা ভালপোৱাৰ কথা সৰ্বজনবিদিত। কিন্তু নিজৰ বিবাহ অনুষ্ঠানত দৰাৰ সাজৰ বিপৰীতে সেনাৰ পোছাক পৰিধান কৰি ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই তেওঁৰ কৰ্তব্যৰ প্ৰতি থকা দায়বদ্ধতা আৰু সেনাৰ পোছাকজোৰৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰেই যেন প্ৰমাণ দিলে।

groom wear army dress

নিজৰ বিবাহ অনুষ্ঠানত এনেদৰে সেনাৰ পোছাক পৰিধান কৰি দৰাৰূপী সেনা বিষয়াগৰাকীয়ে ভাৰতীয় সেনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ দৃৃশ্যই এতিয়া সামাজিক মাধ্যমতো লাভ কৰিছে চৰ্চা।

দৰাচলতে এই ব্যতিক্ৰমী বিবাহখন সম্পন্ন হৈছিল বিহাৰৰ বৈশালীত।

ৰাষ্ট্ৰীয় জনতা দলৰ মুখপাত্ৰ চিত্তৰঞ্জন গগনৰ কনিষ্ঠ পুত্ৰ তথা ভাৰতীয় সেনাৰ বিষয়া কেপ্টেইন শিখৰ গগনৰ বিবাহ সম্পন্ন হয় এয়াৰ ইণ্ডিয়াৰ বিষয়া নীতাৰ সৈতে। বৈশালীৰ ভগৱানপুৰত অনুষ্ঠিত হয় এই বিশেষ বিবাহখন।

dress 1

শিখৰ গগনে তেওঁৰ বিয়াৰ অভৰ্থ্যনা অনুষ্ঠানত সেনাৰ পোছাৰ পৰিধান কৰি কাৰ্যসূচীত ভাগ লয়। যি দৃশ্যই আবেগিক কৰি তোলে উপস্থিত সকলোকে।

বিবাহ অনুষ্ঠানত দৰা শিখৰ গগনে সেনাৰ পোছাক পৰিধান কৰাৰ সিদ্ধান্তক আদৰণি জনায় কইনা নীতাইও।

Leave a Reply

Your email address will not be published. Required fields are marked *