কৰ্তব্যত গাফিলতি! পি এইচ ই ডিৰ শাখা বিষয়াক নিলম্বনৰ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ…

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দৰঙৰ পি এইচ ই ডিৰ শাখা বিষয়াক নিলম্বন কৰাৰ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

দিপিলা পানী যোগান আঁচনি পৰিদৰ্শন কৰাৰ সময়ত মঙলদৈ জিলাৰ দিপিলা শাখাৰ, পি এইচ ই ডিৰ শাখা বিষয়া প্ৰতুল ভৰালীক নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

সেই পানী যোগান আঁচনিৰ যোগেদি পানীৰ সুবিধাৰ পৰা বঞ্চিত হোৱা স্থানীয় লোকে কৰ্তব্যত গুৰুতৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছিল বিষয়াগৰাকীৰ বিৰুদ্ধে।

জিলাখনত পানী যোগান আঁচনি সমূহ কাৰ্যকৰী নোহোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে তৎক্ষণাৎ উক্ত বিষয়াজনৰ বিৰুদ্ধে নিলম্বনৰ নিৰ্দেশ জাৰি কৰে।

লগতে মঙলদৈ পি এইচ ই ডি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীব শৰ্মালৈও শ্ব’ক’জ জাননী জাৰি কৰে মন্ত্ৰীগৰাকীয়ে।