অসম

কৰ্তব্যত গাফিলতি! আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩ বিষয়াক নিলম্বন…

কৰ্তব্যত গাফিলতি, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩ বিষয়াক নিলম্বন।

আভ্যন্তৰীণ জল পৰিবহন বিভাগে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিবহন মন্ত্ৰালয়ে নিলম্বনৰ বিষয়ে অৱগত কৰে।

বিজ্ঞপ্তিটোত লিখা হৈছে- ‘বৃহস্পতিবাৰে নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ আৰপিএল দিগাৰু জাহাজত যাত্ৰীসকলৰ যাত্ৰাৰ সন্দৰ্ভত, ই-টিকেটিং চাৰ্ভাৰৰ চাৰ্ভাৰ ডাউনটাইমৰ বাবে ৰেকৰ্ড বৰ্তাই নৰখাকৈ কেইজনমান যাত্ৰীক মেনুৱেল টিকট জাৰী কৰা হৈছিল। তাৰ পিছত যাত্ৰাকালীন অৱস্থাত এজন যাত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই পৰে আৰু সন্ধানহীন হৈ থাকে।’

তাৰ পৰিপ্ৰেক্ষিতত কৰ্তব্যত গাফিলতি কৰা বাবে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশনা অনুসৰি পৰিবহণ বিভাগে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ যোৰহাট উপ-বিভাগৰ কনিষ্ঠ অভিযন্তা অসীম কুমাৰ বৰুৱাক তাৎক্ষণিক ভাৱে নিলম্বন কৰে।

লগতে, অলোক গগৈ আৰু বিটুপন বৰুৱা নামৰ আন দুজন সহায়ককো নিলম্বন কৰে।

ইপিনে, আভ্যন্তৰীণ জল পৰিবহণ নিয়ামক কৰ্তৃপক্ষৰ অধ্যক্ষ বিবেকানন্দ ফুকনক ঘটনা সন্দৰ্ভত সম্পৰ্কিত বিষয়সমূহৰ তথ্য আৰু পৰিস্থিতিৰ ওপৰত সঠিক তদন্ত কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *