অসম

কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ, এইখন কেন্দ্ৰীয় বিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা…

ৰাজ্যত প্ৰতিদিনে ভয়াৱহভাৱে বৃদ্ধি হৈছে ক’ভিডৰ সংক্ৰমণ।

ধুবুৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা।

চৰকাৰ তথা স্বাস্থ্য বিভাগে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই অহাৰ সময়তে ধুবুৰী জিলাত সোমবাৰে পুনৰ ২২৬ জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।

ধুবুৰীৰ পাণবাৰী কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষক, ছাত্ৰ-ছাত্ৰী সহ মুঠ ২০২ গৰাকীক পৰীক্ষা কৰাত তাৰ ভিতৰত ৩৯জন কোভিড পজিটিভ ধৰা পৰে।

পিছত জিলা প্ৰশাসনে বিদ্যালয়খনক কণ্টেইনমেণ্ট জোন ঘোষণা কৰে।

সোমবাৰৰ পৰা ৭ দিনলৈ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ধুবুৰী জিলা প্ৰশাসনে।

এতিয়ালৈকে ধুবুৰী জিলাত মুঠ ৫৮১জন আক্ৰান্ত হৈছে ক’ভিডত।

Leave a Reply

Your email address will not be published. Required fields are marked *