অসম

ৰাজ্যত দৈনিক ১০ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনাঃ GMCHৰ অধীক্ষক অভিজিত শৰ্মা…

ৰাজ্যত প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈছে ক’ভিডৰ সংক্ৰমণ।

ইয়াৰ মাজতে দৈনিক ১০ হাজাৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই।

লগতে তেওঁ কয়- গুৱাহাটী ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই। একাংশই নাকৰ তলত মাস্ক পিন্ধিছে। সমাগম হোৱা স্হানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই। যাৰ ফলত গুৱাহাটী উত্তৰ-পূৱৰ হাব হোৱাৰ বাবে ক’ভিড কেচ গুৱাহাটীত বৃদ্ধি পাইছে।

জ্বৰ নহ’লেও যদি পেটৰ বিষ, দুৰ্বলতাৰ লক্ষণ যদি দেখা পাই তেনেহ’লে চিকিৎসালয়লৈ আহিবলৈ আহ্বান শৰ্মাৰ।

তেওঁ কয়- এতিয়া ক’ভিড হ’লে জ্বৰ নহ’বও পাৰে। অখিল গগৈ স্বাস্হ্যৰ ‍অৱস্হা বৰ্তমান সুস্হিৰ। বৰ্তমান হোম আইচলেশ্যনতে আছে অখিল গগৈ। এমাহৰ বাবে শিশু সকল ঘৰত থাকক, বাহিৰত যাব নালাগে। অ’মিক্ৰন ‍অধিক শক্তিশালী আৰু সোনকালে সংক্ৰমিত হয়।

২৩৫ জন ক’ভিড আক্ৰান্ত লোকে কালি GMCHৰ পৰা হোম আইচলেশ্যন লৈছে। ২৫০ জন ৰোগী GMCHত আৰু ২৫০জন সৰুসজাইত আছে।

১২০০ বেড GMCHত খালি ‍আছে। সৰুসজাই হাস্পতাল, কালাপাহাৰ হাস্পতাল, MMCH এতিয়াও খালি আছে।

অন্য ৰোগত আক্ৰান্ত হৈ বা দূৰ্ঘটনা হৈ সংকটজনক অৱস্হাত চিকিৎসাধীন হোৱা লোকৰহে ক’ভিডত মৃত্যু বেছি হৈছে। এই সমূহ লোকৰ কিছু লোকৰ টেষ্ট কৰাত ক’ভিড ধৰা পৰিছে আৰু সেইহেতু ক’ভিডত মৃত্যু হোৱা বুলি ধৰা হৈছে।

৯ জন শিশু GMCHৰ বেবী ICUত চিকিৎসাধীন হৈ আছে।

লগতে চাওকঃ

কঠােৰ আৰক্ষী! ক’ভিডৰ ভেকচিন নোলোৱা যাত্ৰীক বাছৰ পৰা নমালে আৰক্ষীয়ে, বিহিলে জৰিমনা

G5

Leave a Reply

Your email address will not be published. Required fields are marked *