কৰ’ণাৰ গ্ৰাসত মহাবিদ্যালয়-বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়ৰ ৬ শিক্ষাৰ্থী কৰ’ণা পজিটিভ…

দেশত অ’মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ।

গুৱাহাটী মহানগৰীৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত কৰ’ণাৰ আতংক।

ইখনৰ পিছতে সিখন শিক্ষানুষ্ঠানত ধৰা পৰিছে কৰ’ণাত সংক্ৰমণ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৯ জন শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰৰ পিছতে এইবাৰ মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ত ধৰা পৰিছে কৰ’ণা।

এইবাৰ বি বৰুৱা মহাবিদ্যালয়ৰ ৬জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰে কৰ’ণা পজিটিভ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা সদৰি কৰা হয় এই কথা।

উল্লেখযোগ্য যে, মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক’ভিড টেষ্ট কৰোৱাৰ পাছত এই ৬জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰে কৰ’ণা।

উল্লেখ্য যে, কৰ’ণা সংক্ৰমণ ধৰা পৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয় ৫ দিনৰ বাবে বন্ধ কৰা হয় পাঠদান। লগতে বাতিল কৰা হয় বিশ্ববিদ্যালয় সপ্তাহ।

Leave a Comment