অসম

ক্ষুদ্ৰ সঞ্চয়ৰ সুফল! খুচুৰা পইচাৰে হাফিজুৰ আকন্দে কিনিলে স্কুটী…

ক্ষুদ্ৰ সঞ্চয়ৰ সুফল!

খুচুৰা পইচাৰে হাফিজুৰ আকন্দে কিনিলে স্কুটী।

উত্তৰ বৰপেটাৰোডৰ গোৱৰ্ধনাৰ হাফিজুৰ আকন্দে খুচুৰা পইচাৰে ক্ৰয় কৰিলে এখন স্কুটী।

এক ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া হাফিজুৰৰ আছিল এখন দুচকীয়া বাহন ক্ৰয় কৰাৰ সপোন৷

P1 3

কিন্তু একেলগে ইমান টকা যোগাৰ কৰা সম্ভৱ নাছিল হাফিজুৰৰ বাবে।

সেয়ে হাফিজুৰে উপাৰ্জনৰ খুচুৰা পইচাকেই সঞ্চয়ৰ বাবে এক অভিনৱ পন্থা হাতত লয়৷

2 2

তেনেদৰেই এটকীয়া, দুটকীয়া আৰু দহ টকীয়া মুদ্ৰা প্ৰায় এবছৰ ধৰি জমা কৰি কৰি হাফিজুৰে সঞ্চয় কৰিলে ২২ হেজাৰমান টকা।

WhatsApp Image 2022 02 18 at 1.56.52 PM 1

পাছত সেই টকা লৈ হাফিজুৰে শ্ব’ৰুমলৈ আহিল৷ প্ৰায় ৩ৰ পৰা ৪ ঘণ্টা মান শ্ব’ৰুমৰ কৰ্মচাৰীয়ে মুদ্ৰাবোৰ গনণা কৰি অৱশেষত ডাউন পেমেন্টত হাফিজুৰক প্ৰদান কৰিলে এখন স্কুটী৷

এনেদৰে নিজৰ সপোন পুৰণ কৰিবলৈ পায় আজি অত্যন্ত সুখী হাফিজুৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *