অসমীয়াঅসম

ক্ষমতাৰ মদগৰ্বিতা! চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কংগ্ৰেছী বিধায়কক খলনায়ক সজাই ‘শক্তিমান’ৰ তমৰাজ কিলভিছৰ সৈতে তুলনা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ….

নিউজ ডেস্কঃ উপহাস কৰিবলৈ শিকক শাসকীয় মন্ত্ৰী-বিধায়কৰ পৰা।

জন প্ৰতিনিধি হৈও তৰল মন্তব্য কৰা একাংশ মন্ত্ৰী-বিধায়ক আৰু নেতাৰ আচৰণৰ বাবেই ৰাজনীতি আজি ঘৃণাৰ বিষয় বুলি বহুতে অভিযোগ উত্থাপন কৰে।

বিশেষকৈ বৰ্তমান সময়ত বিৰোধীক নসাৎ কৰাৰ প্ৰয়াস শাসকীয় দলে কৰি থকাৰ অভিযোগ অতি শক্তিশালী ৰূপত উত্থাপন হৈছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক মানহানিৰ গোচৰত আদালতে দোষী সাব্যস্ত কৰাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰতে তেওঁৰ সাংসদ পদ খাৰিজ কৰি মোডী চৰকাৰে গণতান্ত্ৰিক ব্যৱস্থাক ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

image 156

এই অভিযোগ গুজৰি উঠিছে অসমতো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ আৰু বিৰোধীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

অসম বিধানসভাৰ চৌহদতো প্ৰতিবাদত নামিছে কংগ্ৰেছৰ বিধায়ক।

বুধবাৰে ক’লা কাপোৰ পৰিধান কৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ বিধায়কে।

image 157

কিন্তু এই প্ৰতিবাদক লৈও এতিয়া তৰল মন্তব্য শাসকীয় দলৰ।

গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা প্ৰতিবাদক নসাৎ কৰাৰ চেষ্টা চলাই প্ৰতিবাদী কংগ্ৰেছ বিধায়কক ‘শক্তিমান’ৰ তমৰজা কিলভিছৰ সৈতে তুলনা কৰিলে জয়ন্তমল্ল বৰুৱাৰ দৰে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে।

উল্লেখ্য যে, ১৯৯৭ চনৰ পাৰ ২০০৫ চনলৈ দুৰদৰ্শনযোগে সম্প্ৰচাৰিত হৈছিল ভাৰতৰ প্ৰথমখন ছুপাৰহিৰ’ ধাৰাবাহিক ‘শক্তিমান’।

মুকেশ খান্না অভিনীত এই জনপ্ৰিয় ধাৰাবাহিকখনৰ খলনায়ক চৰিত্ৰটো আছিল ‘তমৰাজ কিলভিছ’। চৰিত্ৰটো ৰূপায়ন কৰিছিল জনপ্ৰিয় অভিনেতা সুৰেন্দ্ৰ পালে।

ক’লা বস্ত্ৰ পৰিহিত তমৰাজ কিলভিছক এক ‘দানৱ’ ৰূপে উপস্থাপন কৰা হৈছিল শক্তিমানত।

সেই ‘দানৱ’ কিলভিছৰ সৈতেই জয়ন্তমল্ল বৰুৱাৰ দৰে এগৰাকী শিক্ষিত আৰু দায়বদ্ধ জনপ্ৰতিনিধিয়ে কংগ্ৰেছ বিধায়কক তুলনা কৰাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

লক্ষণীয়ভাৱে আজি কংগ্ৰেছক সমালোচনা কৰিলেও জয়ন্তমল্ল বৰুৱাইও কংগ্ৰেছৰ হাতত ধৰিয়েই শিকিছিল ৰাজনীতিৰ অ-আ, ক-খ।

কিন্তু ক্ষমতাৰ লোভ আৰু স্বাৰ্থসিদ্ধিৰ বাবে তেওঁ এদিন কংগ্ৰেছ ত্যাগ কৰি বিজেপিত প্ৰৱেশ কৰিছিল। বিজেপিত তেওঁ তৈলমৰ্দনৰ ৰাজনীতিৰেই আজি মন্ত্ৰিত্ব লাভ কৰাৰো অভিযোগ।

এনে পৰিপ্ৰেক্ষিতত ক’লা বস্ত্ৰ পৰিধান কৰি গণতান্ত্ৰিক ব্যৱস্থাক হত্যা কৰিব বিচৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কংগ্ৰেছ বিধায়কক খলনায়ক সজাই শক্তিমানৰ তমৰাজ কিলভিছৰ সৈতে তুলনা কৰাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ধৃষ্টতাক নিশ্চয় সহজভাৱে নল’ব বিৰোধীয়ে।