কোনো হিন্দু দেৱ-দেৱীয়েই ব্ৰাহ্মণ নহয়, আনকি ভগৱান শিৱো শূদ্ৰ! এগৰাকী উপাচাৰ্যৰ মন্তব্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ

নিউজ ডেস্কঃ পুনৰ এবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত। এইবাৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে খোদ উপাচাৰ্যৰ এক ভাষণৰ পৰা। হিন্দু ধৰ্মৰ কোনো দেৱ-দেৱীয়েই উচ্চবৰ্ণৰ নহয় বুলি উপাচাৰ্য শান্তিশ্ৰী ধুলিপুড়ীয়ে কৰা মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সোমবাৰে ড০ বি আৰ আম্বেদকাৰৰ লিংগ ন্যায়ৰ চিন্তাধাৰা: ইউনিফৰ্ম চিভিল কোড ডিকোডিং বিষয়ত বক্তৃতা প্ৰদান কৰাৰ সময়ত উপাচাৰ্য শান্তিশ্ৰী ধূলিপুড়ীয়ে হিন্দু দেৱ-দেৱী সকলৰ জাতিক লৈ মন্তব্য কৰা পৰিলক্ষিত হয়। উপাচাৰ্য গৰাকীয়ে ভগৱান শিৱক অনুসূচিত জাতি (SC) বা অনুসূচিত জনজাতি (ST)ৰ দেৱতা বুলি অভিহিত কৰে। সেইদৰে নাৰী সন্দৰ্ভত শান্তশ্ৰীয়ে কয় যে কোনো নাৰীয়ে নিজকে ব্ৰাহ্মণ বুলি দাবী কৰিব নোৱাৰে। সকলো নাৰী শূদ্ৰ।

image 168
কোনো হিন্দু দেৱ-দেৱীয়েই ব্ৰাহ্মণ নহয়, আনকি ভগৱান শিৱো শূদ্ৰ! এগৰাকী উপাচাৰ্যৰ মন্তব্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ 3

ধূলিপুড়ীৰ মতে হিন্দু দেৱ-দেৱী উচ্চবৰ্ণৰ নহয়। ভগৱান শিৱ SC/ST (শুদ্ৰ)ও হ’ব পাৰে। মানৱ জাতিৰ বিজ্ঞান মতে দেৱতাসকল উচ্চ বৰ্ণৰ নহয়। তেওঁ কয় যে মনোস্মৃতিত মহিলাসকলক শূদ্ৰৰ মৰ্যাদা দিয়া হৈছিল। সেয়েহে কোনো নাৰীয়ে নিজকে ব্ৰাহ্মণ বা আন কিবা বুলি দাবী কৰিব নোৱাৰে। নাৰীয়ে পিতৃ বা স্বামীৰ পৰা জাতি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে।

জেএনইউৰ উপাচাৰ্যগৰাকীয়ে কয়, ‘আপোনালোকৰ অধিকাংশই মানৱ জাতিৰ বিজ্ঞানৰ ক্ষেত্ৰত আমাৰ দেৱতাসকলৰ উৎপত্তিৰ বিষয়ে জনা উচিত। কোনো দেৱতা ব্ৰাহ্মণ নহয়, সৰ্বোচ্চ ক্ষত্ৰিয়। ভগৱান শিৱ অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ হ’ব লাগিব, কিয়নো তেওঁ দাহস্থলীত বহি থাকে। সাপ তেওঁৰ লগত থাকে। খুব কম কাপোৰ পিন্ধে। ব্ৰাহ্মণে শ্মশানত বহিব পাৰে বুলি মই নাভাবো।’

ধূলিপুড়ীয়ে লগতে কয়, ‘মা লক্ষ্মী, আনকি ভগৱান জগন্নাথও মানৱ জাতিৰ বিজ্ঞান অনুসৰি উচ্চ জাতিৰ পৰা নাহে। ভগৱান জগন্নাথ আচলতে জনজাতীয় মূলৰ, গতিকে আমি এতিয়াও কিয় এই বৈষম্য অব্যাহত ৰাখিছো। এয়া বৰ অমানৱীয়। এইটো নিজৰ মাজতে অতি গুৰুত্বপূৰ্ণ যে আমি বাবা ছাহেবৰ চিন্তাধাৰাৰ ওপৰত বিশ্বাস হেৰুৱাইছো। তেওঁৰ দৰে ইমান মহান চিন্তাবিদ আমাৰ আধুনিক ভাৰতৰ আন কোনো নাই।’

image 169
কোনো হিন্দু দেৱ-দেৱীয়েই ব্ৰাহ্মণ নহয়, আনকি ভগৱান শিৱো শূদ্ৰ! এগৰাকী উপাচাৰ্যৰ মন্তব্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ 4

জেএনইউৰ উপাচাৰ্যগৰাকীৰ মতে, হিন্দুধৰ্ম কেৱল এটা ধৰ্ম নহয়, ই এক জীৱন-ধাৰণৰ পদ্ধতি। তেওঁ কয়, ‘সমালোচনা যদি জীৱন-ধাৰণৰ পদ্ধতি হয় তেন্তে আমি কিয় ভয় খাওঁ? আমাৰ সমাজত অন্তৰ্নিহিত বৈষম্যৰ বিষয়ে আমাক জাগ্ৰত কৰা প্ৰথম সকলৰ ভিতৰত অন্যতম আছিল গৌতম বুদ্ধ।’

উল্লেখ্য যে, চলিত বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত জেএনইউৰ প্ৰথম গৰাকী মহিলা উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল শান্তিশ্ৰী ধূলিপুড়ী পণ্ডিতে। তেওঁক নিযুক্তি প্ৰদানক লৈ সেই সময়তো একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। তাৰ পিছত অন্যতম আছিল বিজেপিৰ সাংসদ বৰুণ গান্ধী।

টুইটাৰত শান্তিশ্ৰী ধূলিপুড়ীক জেএনইউৰ উপাচাৰ্য নিযুক্তিৰ বিৰোধিতা কৰা দেখা গৈছিল বৰুণ গান্ধীক। আনহাতে শেহতীয়াকৈ জেএনইউৰ উপাচাৰ্যগৰাকীয়ে হিন্দু দেৱ-দেৱীৰ জাতি বিভাজন কৰি কৰা মন্তব্যই এতিয়া পুনৰ এবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।