কোনে হত্যা কৰিলে ডিম্পলক? বন্ধুসহ ডিম্পলৰ জেঠায়েকৰ পুত্ৰক আটক আৰক্ষীৰ…

মহানগৰীৰ উজানবজাৰত দিন দুপৰতে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ঘৰত সোমাই নিষ্ঠুৰ‍ভাৱে কৰা হত্যাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই।

প্ৰেচাৰ কুকাৰ আৰু পটাগুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰা ১৪ বছৰীয়া ডিম্পলৰ হত্যাকাণ্ডৰ কোনো শুংসূত্ৰ নাই বৰ্তমানলৈ।

অতি ৰহস্যঘন এই হত্যাকাণ্ডৰ তদন্তত নামি পৰিছে আৰক্ষী।

আৰক্ষীৰ লগতে চিআইডি আৰু ফৰেনছিকৰ দলে অনুসন্ধান চলোৱাৰ লগতে স্নিফাৰ ডগেৰেও ঘটনাস্থলী পৰিদৰ্শন কৰা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে ডিম্পলৰ জেঠায়েকৰ পুত্ৰসহ বন্ধু কৰণক আটক কৰিছে।

বৰ্তমানো জেঠায়েকৰ পুত্ৰ আশীক গুপ্তা আৰক্ষীৰ জিম্মাতেই আছে। নিশাও ঘটনা সন্দৰ্ভত জেৰা চলাইছে আৰক্ষীয়ে।

ডিম্পল কুমাৱটৰ মাতৃৰ মতে,তেওঁৰ পৰিয়ালৰ লগতে ছোৱালীৰ কোনো শত্ৰু নাই।ডিম্পল অতি অমায়িক আৰু ভদ্ৰ ছোৱালী আছিল।

ডিম্পল বাহিৰত ঘূৰি ফুৰি ভাল পোৱা ছোৱালীও নহয়।ঘৰৰ পৰা বাহিৰলৈ নামি নাহে ডিম্পল।

আৰক্ষীয়ে ঘটনাটোৰ প্ৰাথমিক তদন্তত ই চোৰ-ডকাইতিজনিত ঘটনা নহয় বুলি উল্লেখ কৰিছে।

ঘৰৰ গডৰেজৰ কাপোৰ মজিয়াত পৰি থকা দেখা গৈছে যদিও ঘৰৰ কোনো সামগ্ৰীৰ হৰণ-ভগন হোৱা নাই।

এইক্ষেত্ৰত আৰক্ষীয়ে কোনো পৰিচিত লোকে হত্যা কৰাৰ সন্দেহ কৰিছে।

আনহাতে এটা এনজিঅ’ৰ নামত দুই যুৱকে ধন বিচাৰি অঞ্চলটোলৈ আহিছিল বুলি জানিব পৰা গৈছে।

এই দুই যুৱকৰ আগমনৰ বিষয়টোও আৰক্ষীৰ তদন্তৰ আওতাত আহিব।

উল্লেখ্য যে, জেঠায়েকৰ পুত্ৰ আশীক গুপ্তাই দিম্পলহতঁৰ ভাড়া ঘৰৰ কাষৰ কোঠাত থকা জিতু দাস নামৰ ল’ৰাজনৰ তাত ভাত খাবলৈ আহিছিল সেই ঘটনাৰ সময়ত।

সেয়ে সন্দেহৰ আঙুলি জেঠায়েকৰ পুত্ৰ আশীক গুপ্তাৰ ওপৰতে। যাৰ বাবেই বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে।

Leave a Comment