অসম

আৰক্ষীৰ বৃহৎ সফলতা! মহানগৰীত জব্দ ১০ কোটি টকাৰ ড্ৰাগছ…

মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা।

মহানগৰীত জব্দ প্ৰায় ১০ কোটি টকাৰ ড্ৰাগছ।

ডিমাপুৰৰ পৰা গুৱাহাটী লখৰা অভিমুখী এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি।

এখন খলী ট্ৰাক তেলৰ টেংকীত লুকুৱাই আনিছিল ড্ৰাগছখিনি।

ট্ৰাকখনৰ নম্বৰ- AS 01 DD 9192

মুঠ ২০৫ টা পেকেটত আছিল ড্ৰাগছখিনি।

মহানগৰীৰ পূৱ আৰক্ষী উপ আয়ুক্ত সুব্ৰজ্যোতি বৰা আৰু যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ হৈছে এই ড্ৰাগছখিনি।

আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক।

চালকজনৰ নাম দীপক সৰকাৰ(40) আৰু আনজন হৈছে জামিনলাল।

Leave a Reply

Your email address will not be published. Required fields are marked *