কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক চৰ্ত সাপেক্ষে জামিন প্ৰদান।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেক মহাৰাষ্ট্ৰৰ মাহাদ আদালতে জামিন প্ৰদান কৰে।
১৫,০০০ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰিছে আদালতে।
আৰক্ষীয়ে ৰাণেক গ্ৰেপ্তাৰৰ পাছতে মাহাদ দণ্ডাধীশ বাবচাহেব শ্বেখপাটিলৰ সন্মুখত হাজিৰ কৰাইছিল আৰু দণ্ডাধীশগৰাকীয়ে চৰ্ত সাপেক্ষে তেওঁক জামিন প্ৰদান কৰিছে।
উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰাণেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ প্ৰসংগত আপত্তিজনক মন্তব্য কৰিছিল ৰাণে।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক চৰ সোধান বুলি মন্তব্য কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰাণে।
ইয়াৰ পাছতে নাৰায়ণ ৰানেৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছিল আৰু মঙ্গলবাৰে ৰাণেক গ্ৰেপ্তাৰ কৰা হৈছিল।
উল্লেখ্য যে, সোমবাৰে ৰায়গড় জিলাত আশীৰ্বাদ যাত্ৰাত অংশ লৈ ৰাণেই কৈছিল যে মুখ্যমন্ত্ৰীয়ে স্বাধীনতা লাভ কিমান বছৰ হ’ল সেই কথা নজনাটো লজ্জাজনক। তেওঁ বৰ্ষগণনা কৰা শিকিব লাগে…….মই সেই স্থানত থাকিলে প্ৰচণ্ড চৰ সোধালো হেতেন।









