কেনেকৈ মৃত্যু হ’ল শিক্ষয়িত্ৰী সুস্মিতাৰ? হত্যা নে আন কাৰণ? তীব্ৰ চাঞ্চল্য…

এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মঙলদৈৰ নিকটৱৰ্তী হাউলি মোহনপুৰৰ জ্যোতিৰ্ময় মেধিৰ পত্নী তথা ডাহী কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী সুস্মিতা ডেকাৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

স্বামীৰ পৰিয়ালে আৰক্ষীক জানিবলৈ দিয়া মতে, দেওবাৰে শিক্ষক দিৱসৰ দিনা পুৱা ঘৰত কাম কৰি থকাৰ সময়তে ঢলি পৰে সুস্মিতা। লগে লগে পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যদিও চিকিৎসকে মৃত ঘোষণা কৰে সুস্মিতাক।

আনহাতে সুস্মিতাৰ পিতৃৰ পৰিয়ালৰ লোকে এই মৃত্যুৰ আঁৰত ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

কিয়নো সুস্মিতাৰ বিয়াৰ পিছৰে পৰা শহুৰেক অসৱৰপ্ৰাপ্ত শিক্ষক কুশল মেধিয়ে বিভিন্ন মানসিক নিৰ্যাতন চলাই আহিছিল বুলিও অভিযোগ উত্থাপিত কৰে।

ইতিমধ্যে সুস্মিতাৰ পিতৃয়ে ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

ইয়াৰ পাছতে মঙলদৈ আৰক্ষীয়ে সুস্মিতাৰ স্বামী আৰু শহুৰেকক সোধাপোছাৰ বাবে আৰক্ষী থানালৈ লৈ আনে।

ইপিনে সুস্মিতা ডেকাক শহুৰেক কুশল মেধিয়ে নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ তুলি সোমাবাৰে মঙলদৈ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয় উত্তাল কৰে সুস্মিতা ডেকাৰ পৰিয়াল তথা গাঁৱৰ ৰাইজে।

সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই দৰঙৰ আৰক্ষী অধীক্ষক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে দৰং আছুই।

আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে স্পষ্ট হ’ব আচলতে এইয়া হত্যা নে আন কাৰণত মৃত্যু!

Leave a Comment