ৰাষ্ট্ৰীয়

কৃষকৰ আনুষ্ঠানিক জয়! লোকসভাত বাতিল হ’ল বহু বিতৰ্কিত ৩ খন কৃষি আইন…

অৱশেষত কৃষকৰ প্ৰতিবাদে লাভ কৰিলে আনুষ্ঠানিক জয়।

লোকসভাত বাতিল হ’ল বহু বিতৰ্কিত ৩ খন কৃষি আইন।

সদনৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।

কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে উত্থাপন কৰিছিল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।

বিধেয়কখন উত্থাপন কৰাৰ লগে লগে সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি।

বিৰোধীয়ে উক্ত আইনক লৈ আলোচনা হোৱাটো বিচাৰিছিল।

ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সদনত।

অৱশেষত ধ্বনি ভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।

উল্লেখ্য যে, আজিৰে পৰা ২৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শীতকালীন অধিৱেশন। এই অধিৱেশনত উপস্থাপন হ’ব ৩৬ খন বিধেয়ক।

কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক খন  গৃহীত হোৱাৰ লগে লগে সদনৰ কাম কাজ মঙলবাৰ ২বজালৈ স্থগিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *