অসমীয়াৰাষ্ট্ৰীয়

কৃত্ৰিম বান্ধৰ কাষত গা ধুবলৈ যোৱাটোৱেই হ’ল কাল! একেলগে সলিল সমাধি ৭গৰাকী কিশোৰীৰ

নিউজ ডেস্কঃ কৃত্ৰিম বান্ধত গা ধুবলৈ যোৱাটোৱেই কাল হ’ল ৭ গৰাকী কিশোৰীৰ বাবে!

নৈৰ কোবাল সোঁতত থাউনি নাপাই অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল আটাইকেইগৰকী কিশোৰীয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে তামিলনাডুত।

জানিব পৰা মতে, দেওবাৰে দিনৰ প্ৰায় ১.৪৫ বজাত গাদিলাম নদীৰ ওপৰত নিৰ্মাণ কৰা কৃত্ৰিম বান্ধৰ ওচৰতে গা ধুই আছিল ৭গৰাকী কিশোৰীয়ে।

কিশোৰী কেইগৰাকীয়ে হৰ্ষোল্লাসেৰে সাতুৰি সাতুৰি নৈৰ মাজলৈ অহাৰ সময়তে সংঘটিত হয় অঘটনটো। নৈৰ গভীৰতাত থাউনি নাপাই এজনী এজনীকৈ আটাইকেইজনী কিশোৰী নৈৰ বুকুত ডুব যায়।

image 71

ইফালে কিশোৰী কেইগৰাকী নৈত ককবকাই থকা দেখি স্থানীয় ৰাইজে আটাই কেইগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে সাতোগৰাকীক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃত কিশোৰী আটাইকেইগৰাকীৰ বয়স ১০ৰ পৰা ১৮ বছৰৰ ভিতৰত। নাবালিকা কেইগৰাকী দুখন পৃথক গাঁৱৰ বাসিন্দা আছিল।

image 72

মৃতকৰ ভিতৰত দুগৰাকী ভগ্নীও আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। নিহত ভগ্নী দুগৰাকীৰ ঘৰ অয়নকুৰিঞ্জিপাৰী গাঁৱত হোৱাৰ বিপৰীতে বাকী কেইজনীৰ ঘৰ আন এখন গাঁৱত বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ মতে, হঠাতে নৈৰ সোঁত বৃদ্ধি পোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। তামিলনাডু আৰক্ষীয়ে এই ঘটনাৰ বিস্তৃত তদন্ত আৰম্ভ কৰিছে।

তামিলনাডুৰ কৃষি মন্ত্ৰী এম আৰ কে পানীৰচেলভামে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

লগতে চাওকঃ

পুনৰ গাঁৱলৈ ওভতি নাহিল ফুলৰ মালা পিন্ধাই গাঁওবাসীয়ে বিদায় জনােৱা ২৬ জন বয়ােজ্যেষ্ঠ তীৰ্থযাত্ৰী…

G4 1

Leave a Reply

Your email address will not be published. Required fields are marked *