কুকুৰে ভৌ ভৌ কৈ ভুকি থাকক, ভাৰত হিন্দু ৰাষ্ট্ৰ হ’বই! বাঘেশ্বৰ বাবাৰ অসম ভ্ৰমণৰ পিছতে হিন্দু ৰাষ্ট্ৰৰ দাবীত সৰৱ হ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী…

নিউজ ডেস্কঃ বাঘেশ্বৰ ধামৰ পীঠাধীশ্বৰ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে এইবাৰ হিন্দু ৰাষ্ট্ৰৰ প্ৰসংগত সৰৱ হৈ পৰিল অসমৰ নেতা-মন্ত্ৰী-বিধায়কো।

ধৰ্মীয় ৰাজনীতিৰে নিজৰ আসন অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰা বিধায়ক-মন্ত্ৰীয়ে হিন্দু ৰাষ্ট্ৰৰ দাবীত সুৰ মিলালে ধৰ্ম প্ৰচাৰক ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ সুৰত।

ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাৰ দাবীত সৰৱ হ’ল ন বিজেপি ৰূপজ্যোতি কুৰ্মীও।

কংগ্ৰেছৰ পৰা আহি হিন্দুত্ববাদী বিজেপিৰ শৰণাপন্ন হৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মাৰ মুখত আজিকালি প্ৰায়ে শুনা যায় বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুণ-গৰিমা।

কেতিয়াবা যদি ভগৱান বিষ্ণুৰ অৱতাৰ বুলি তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰে, আন কেতিয়াবা আকৌ হাতীৰ দৰে শক্তিশালী বুলি প্ৰতিপন্ন কৰিব বিচাৰে।

বিজেপিত নিজৰ ভেটি সবল কৰাৰ প্ৰয়াসত অহৰহ লাগি থকা মৰিয়নী সমষ্টিৰ বিধায়কগৰাকীয়ে এইবাৰ ক’লে- ভাৰত হিন্দু ৰাষ্ট্ৰ হ’বই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্চ প্ৰশংসা কৰি আকৌ এবাৰ হাতীৰ সৈতে ৰিজালে ৰূপজ্যোতি কুৰ্মীয়ে।

তাৰ পিছতে ক’লে- ‘কুকুৰে যিমান ভৌ ভৌ কৰিলেও ভাৰত হিন্দু ৰাষ্ট্ৰ হ’বই।’

অসমৰ মুছলমানসকলেও তেওঁলোকৰ পুৰ্বপুৰুষ হিন্দু আছিল বুলি জানে বুলি মন্তব্য কৰি ৰূপজ্যোতি কুৰ্মীয়ে ক’লে- হিন্দুৰ পৰাই আন ধৰ্মৰ জন্ম হৈছে।

বাধ্যত পৰি পূৰ্বে একাংশ হিন্দুৱে মুছলমান ধৰ্ম গ্ৰহণ কৰিবলগীয়া হৈছিল বুলি ইতিহাস উনুকিয়াই ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ভাৰত হিন্দু ৰাষ্ট্ৰ হোৱাত কোনেও বাধা দিব নোৱাৰে।

আনহাতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিধায়কগৰাকীয়ে কংগ্ৰছক সমালোচনা কৰি লোকসভা নিৰ্বাচনত কংগ্ৰেছে শূণ্য আসন লাভ কৰিব বুলি দাবী কৰে।

বাঁওহাতেৰে শূণ্যতে ‘শূণ্য’ আঁকি ৰূপজ্যোতিয়ে কয়, ‘মই বাওহাতেৰে লিখি দিছো, কংগ্ৰেছে লোকসভা নিৰ্বাচনত শূণ্য আসন পাব।’