কীৰ্তিকমল বৰাৰ একাউণ্টাৰ আছিল ভুৱা! CIDয়ে আদালতত দাখিল কৰিলে চাৰ্জশ্বিট…

নগাঁৱৰ কীৰ্তিকমল বৰা এনকাউণ্টাৰ গোচৰৰ চাৰ্জশ্বিট দাখিল কৰিলে চি আই ডিয়ে।

কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ কৰা ঘটনাটো এটা ভুৱা এনকাউণ্টাৰ বুলি অভিহিত কৰিছে অসম আৰক্ষীৰ চি আই ডিয়ে।

এনকাউণ্টাৰৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধেহে চি আই ডিয়ে দাখিল কৰে চাৰ্জশ্বীট।

এণ্টি ড্ৰাগছ স্কোৱাডৰ এছ আই আছিল প্ৰদীপ বণিয়া।

image 51
কীৰ্তিকমল বৰাৰ একাউণ্টাৰ আছিল ভুৱা! CIDয়ে আদালতত দাখিল কৰিলে চাৰ্জশ্বিট… 3

নগাঁও সদৰ থানাত ৰুজু কৰা ভাৰতীয় দণ্ডবিধিৰ ৩৪১/২৯৪/৩২৬/৩০৭/৫০৬ ধাৰাত ১৩৯/২০২১ নম্বৰ গোচৰ সন্দৰ্ভত চাৰ্জচীট দাখিল কৰে চি আই ডিয়ে।

আৰক্ষীৰ এনকাউণ্টাৰ ভুৱা বুলি দাবী কৰি কীৰ্তিকমলৰ পিতৃয়ে নগাঁও সদৰ থানাত এই গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে, ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাই সমগ্ৰ ৰাজ্য জোঁকাৰি গৈছিল।

লগতে চাওকঃ

চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী মহিলা, ডেৰ মাহ চিকিৎসাধীন হৈ থাকি সাৱটিলে মৃত্যুক

photo 2022 07 05 13 35 48
কীৰ্তিকমল বৰাৰ একাউণ্টাৰ আছিল ভুৱা! CIDয়ে আদালতত দাখিল কৰিলে চাৰ্জশ্বিট… 4