
অসমৰ কাৰাগাৰ- ডিটেনশ্যন কেম্পত বন্দী হৈ থকা মহিলাসহ ৩ বাংলাদেশীক স্বদেশলৈ প্ৰেৰণ
নিউজ ডেস্ক। অসমৰ কাৰাগাৰ আৰু ডিটেনশ্যন কেম্পত বন্দী হৈ থকা বাংলাদেশী অনুপ্ৰেৱেশকাৰীক স্বদেশলৈ প্ৰেৰণ।
কাছাৰ আৰু ডিমা হাছাও জিলা কাৰাগাৰ তথা ডিটেনশ্যন কেম্পত বন্দী হৈ থকা এই তিনিজন বাংলাদেশীক মংগলবাৰে স্বদেশলৈ প্রত্যর্পণ কৰা হয়।
সুতাৰকান্দি স্থল শুল্ক বন্দৰেৰে ছিলেট জিলাৰ বিয়ানীবজাৰৰ শেওলা শুল্ক বন্দৰৰ ১৩৬০নং পিলাৰত নি চমজাই দিয়ে বাংলাদেশী তিনিজনক।
সীমান্ত সুৰক্ষা বাহিনীৰ সপ্তম বেটেলিয়নৰ সহযোগত কৰিমগঞ্জৰ সীমান্ত আৰক্ষীয়ে শেওলা শুল্ক কাৰ্যালয়ত নি ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশ (বি জি বি) আৰু বাংলাদেশ আৰক্ষীৰ হাতত অৰ্পণ কৰে।

স্বদেশলৈ প্ৰেৰণ কৰা এই ৩ গৰাকী বাংলাদেশীৰ নাম হ’লঃ ইছমত আৰা বেগম ওৰফে ৰেচমা বেগম (দিনাজপুৰ), ছিলেট জিলাৰ জকিগঞ্জৰ সিয়াব উদ্দিন আৰু কানাইঘাটৰ আহমেদ তালুকদাৰ।
অবৈধভাৱে বিভিন্ন সময়ত সীমান্ত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰি আৰক্ষী আৰু বি এছ এফৰ হাতত ধৰা পৰি ৪/৫ বছৰ কাৰাগাৰত বন্দী হৈ থকাৰ পাছত চৰকাৰী নীতি নিয়ম মানি তেওঁলোকক নিজ দেশলৈ ওভতাই পঠিওৱা হয়।
উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা আজিলৈকে দুশৰো অধিক বাংলাদেশীক হস্তান্তৰ কৰা হৈছে কৰিমগঞ্জ সীমান্তৰে।
ইপিনে এই পর্যন্ত শিলচৰ ডিটেনশ্যন কেম্প আৰু কৰিমগঞ্জ কাৰাগাৰসহ ৰাজ্যৰ কেইবাটাও কাৰাগাৰত বন্দী হৈ আছে ভালেকেইজন বাংলাদেশী।
কৰিমগঞ্জ কাৰাগাৰত বাংলাদেশীৰ উপৰি আছে নাইজেৰিয়ান, ৰহিঙীয়াসহ বহু বিদেশী নাগৰিক ।





