কি কাৰণে নিলম্বন কৰা হ’ল ভিক্টৰ দাসক? ক’লে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

নিউজ ডেস্কঃ নিযুক্তি প্ৰক্ৰিয়াত টকাৰ দৰদামৰ অভিযোগ তুলি নিজেই গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। ৭ দিন আৰক্ষীৰ জিম্মাত পাৰ কৰাৰ পিছত অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৰৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল ভিক্টৰ দাসক।

কমলপুৰৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক ভিক্টৰ দাস মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰে চৰকাৰে। তাৰ পিছতে সামাজিক মাধ্যমত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া।

উল্লেখ্য যে, ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সোমবাৰে ভিক্টৰৰ নিলম্বনৰ বাবে শিক্ষা বিভাগক আহ্বান জনাইছিল। এজন টেট শিক্ষক কিদৰে টিউটৰ হব পাৰে বুলি প্ৰশ্ন কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যই টেট শিক্ষকৰ চাকৰিৰ পৰা নিলম্বন কৰাটো বিচাৰিছিল ভিক্টৰ দাসক।

তাৰ পিছতে মঙলবাৰে ভিক্টৰ দাসৰ নিলম্বনৰ বিষয়ে শিক্ষা বিভাগে বিবৃতিযোগে প্ৰকাশ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সামাজিক মাধ্যমত অনেক জনে কেইবাগৰাকীও অধ্যাপক-শিক্ষকে টিউটৰ হিচাপে কাম কৰাৰ অলেখ উদাহৰণ দি ভিক্টৰৰ নিলম্বনৰ বিৰোধিতা কৰে।

ইয়াৰ পিছতে ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বনৰ কাৰণ ব্যাখ্যা কৰি শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে কয় যে তেওঁক টেট শিক্ষক হোৱাৰ উপৰিও কোচিং চেণ্টাৰ চলোৱাৰ বাবে নিলম্বন কৰা হোৱা নাই।

ভাৰতীয় আইন অনুসৰি, কোনো শিক্ষক যদি ২৪ ঘণ্টা ধৰি আৰক্ষীৰ জিম্মাত থাকিবলগীয়া হয়, তেন্তে তেওঁ চাকৰিৰ পৰা নিজে নিজেই নিলম্বিত হয় বুলি মন্তব্য কৰি শিক্ষামন্ত্ৰী পেগুৱে কয় যে ভিক্টৰ দাসক ১৩ ছেপ্টেম্বৰতে নিলম্বন কৰা হৈছিল। কিন্তু এই নিলম্বনৰ কথা শেহতীয়াকৈহে প্ৰকাশ কৰা হৈছে।