কাৰাবন্দীত্বৰ অৱসান! ১০ মাহৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিল প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধু…

নিউজ ডেস্কঃ অৱশেষত মুকলি আকাশৰ তললৈ প্ৰাক্তন ক্ৰিকেটাৰ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধু।

প্ৰায় ১০ মাহ কাৰাবন্দী হৈ থকাৰ পিছত শনিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহে সিদ্ধু।

পাটিয়ালা কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতে সিদ্ধুৱে কয় যে সমগ্ৰ দেশত এতিয়া গণতান্ত্ৰিক ব্যৱস্থা নিঃশেষ হৈছে।

পঞ্জাৱ সন্দৰ্ভত তেওঁ কয়, ”পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসন অনাৰ ষড়যন্ত্ৰ চলিছে। সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা হৈছে। কিন্তু পঞ্জাৱক দুৰ্বল কৰিবলৈ চেষ্টা কৰিলে নিজে দুৰ্বল হৈ পৰিব।”

কাৰাগাৰৰ বাহিৰত কেইবাজনো কংগ্ৰেছ নেতা আৰু সমৰ্থকে সিদ্ধুক আদৰণি জনাই নৱজ্যোৎ সিং সিদ্ধু জিন্দাবাদ ধ্বনিৰে মুখৰ কৰি তোলে।

উল্লেখ্য যে, ১৯৮৮ চনৰ এক গোচৰত আদালতে এবছৰৰ কাৰাদণ্ড বিহিছিল প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতাগৰাকীক।

১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পাৰ্কিং স্পটক লৈ পাটিয়ালাৰ বাসিন্দা গুৰনাম সিঙৰ লগত সিদ্ধুৰ কাজিয়াত লিপ্ত হয়।

সিদ্ধু আৰু তেওঁৰ বন্ধু ৰূপিন্দৰ সিং সন্ধুৱে গুৰনাম সিঙক গাড়ীৰ পৰা টানি উলিয়াই আনি মাৰপিট কৰাৰ ফলত হাস্পতালত মৃত্যু ঘটে ব্যক্তিজনৰ।