কাবুল বিমানবন্দৰত দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণত নিহত ১৩, ISIS ৰ দায়িত্ব স্বীকাৰ

নিউজ ডেস্ক। বৃহস্পতিবাৰে কাবুল বিমানবন্দৰৰ বাহিৰত সংঘটিত হয় দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণ।

এই বিস্ফোৰণত ১৩ জনকৈ নিৰীহ লােকৰ মৃত্যুৰ লগতে বহু লোক গুৰুতৰভাৱে আহত হৈছে।

উল্লেখ্য যে তালিবানে দেশখনত বলপূৰ্বকভাৱে শাসনত অধিষ্ঠিত হােৱাৰ পিছত দেশ এৰি পলাই যাবলৈ বিচৰা নিৰীহ আফগানসকলৰ লগতে অন্য দেশৰ শ শ লােকে ভিৰ কৰি আছিল।

পেন্টাগনৰ প্ৰেছ সচিব জন কাৰ্বিয়ে এক টুইটত কয়, “আমি কাবুল বিমানবন্দৰৰ বাহিৰত এটা বিস্ফোৰণ সংঘটিত হোৱাটো নিশ্চিত কৰিছো। এই সময়ত হতাহতৰ সংখ্যা অস্পষ্ট। আমি যেতিয়া জানিব পাৰিম অতিৰিক্ত বিৱৰণ প্ৰদান কৰিম।”

বাতৰি সংস্থা বিবিচিয়ে ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি প্ৰকাশ কৰা অনুসৰি, বিস্ফোৰণটো বিমানবন্দৰৰ এখন গেটৰ বাহিৰত সংঘটিত হয়। য’ত ব্ৰিটিছ সৈন্যসকলক স্থানান্তৰৰ তত্বাৱধানৰ বাবে ৰখা হৈছিল। এজন আত্মঘাটি বোমাৰুৰ সন্দেহ কৰা হৈছে। কোনো ব্ৰিটিছ হতাহত হোৱাৰ বিষয়ে জনা হোৱা নাই।

উল্লেখ্য যে বিদেশী নাগৰিকৰ স্থানান্তৰ অব্যাহত থকাৰ সময়ত পশ্চিমীয়া ৰাষ্ট্ৰসমূহে বিমানবন্দৰত সন্ত্ৰাসবাদী আক্ৰমণৰ সতৰ্কবাণী কৰি থকাৰ মাজতেই এই ঘটনাটো সংঘটিত হয়।

Leave a Comment