ক’লৈ গ’ল বিতােপন? সন্ধান বিচাৰি পিতৃ-মাতৃৰ হাহাকাৰ

নিউজ ডেস্ক। পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)-এ একপক্ষীয় যুদ্ধ বিৰতি ঘােষণা কৰাৰ সময়তে বিদ্ৰােহী সংগঠনটােৱে পূূৰ্ণগতিত অব্যাহত ৰাখিছে নতুন সদস্য ভৰ্তি অভিযান।

শেহতীয়াকৈ সেনা-আৰক্ষীয়ে বহু যুৱকক আলফা (স্বাধীন)ত যােগদান কৰিব যােৱাৰ পথত আটকাে কৰিছে।

তেনে সময়তে চলিত সপ্তাহৰ পৰা সন্ধানহীন তিনিচুকীয়াৰ ২ নং ফানেং গাঁৱৰ বিতোপন বৰা নামৰ এজন যুৱক।

বিগত ৫ দিনে কোনো সন্ধান নাই যুৱকজনৰ।

এই ঘটনাক লৈ গাঁওখনতাে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ইপিনে, বিতােপন বৰাৰ ৰহস্যজনক নিৰুদ্দেশক লৈ পৰিয়ালতাে হাহাকাৰ লাগিছে।

যুৱকজনৰ পিতৃ-মাতৃয়ে বিতােপন বৰাই আলফা স্বাধীনত যোগদান কৰাৰ লক্ষ্যৰে নিৰুদ্দেশ হােৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

লগতে পৰেশ বৰুৱালৈ যুৱকজনক মুকলি কৰি দিবলৈ আহ্বান জনাইছে পিতৃ-মাতৃয়ে।

Leave a Comment