অসমঅসমীয়া

কলিয়াভোমোৰা দলঙৰ ওপৰত পুনৰ ভয়ংকৰ দুৰ্ঘটনা, সন্ধানহীন হেণ্ডিমেন

নিউজ ডেস্ক। যেন মৰণফান্দত পৰিণত হৈছে তেজপুৰৰ কলিয়াভোমোৰা দলং।

কলিয়াভোমোৰা দলঙৰ ওপৰত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা।

১০ চকীয়া কণ্টেইনাৰ আৰু টাটা ডি আইৰ মুখামুখি সংঘৰ্ষৰ ফলত সন্ধানহীন কণ্টেইনাৰখনৰ হেণ্ডিমেনজন।

A-view-of-the-broken-railings-of-Kaliabhomora-Bridge-after-a-loaded-truck-wrecked-into-it-and-overtu

আশংকা কৰা মতে, দুৰ্ঘটনাৰ পাছতে ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হৈছে হেণ্ডিমেনজন।

আহত দুগৰাকীক ভৰ্তি কৰা হৈছে চিকিত্‍‍সালয়ত।

হেণ্ডিমেনজনৰ সন্ধানত ব্ৰহ্মপুত্ৰত সন্ধান চলাইছে SDRF-এ।

A-view-of-the-broken-railings-of-Kaliabhomora-Bridge-after-a-loaded-truck-wrecked-into-it-and-overtu

জানিব পৰা মতে, ডুমডুমাৰ পৰা গুৱাহাটী অভিমুখী আছিল কণ্টেইনাৰখন।

সোমবাৰেও দলংখনত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি নদীত পৰিছিল ৰ’ডভৰ্তি ১০চকীয়া ট্ৰাক।

আজিও সন্ধান ওলোৱা নাই ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ।

Diving-team-along-with-State-Disaster-Response-Force-SDRF-conduct-a-search-operation-to-find-the-bod

উল্লেখ্য যে নিশা হ’লেই অন্ধকাৰত ডুব যায় কলিয়াভোমোৰা দলং।

বিল নিদিয়াৰ বাবে দীৰ্ঘদিনৰ পৰা কৰ্তন কৰি থোৱা আছে বিদ্যুত্‍।

লগতে চাওকঃ

বাইক চালকৰ ভুলৰ বাবেই সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, CCTV কেমেৰাত বন্দী দৃশ্য

G2-7

Leave a Reply

Your email address will not be published. Required fields are marked *