কমনৱেলথ গেমছৰ পৰা প্ৰথমটো ভাল খবৰঃ প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি প্ৰথমখন খেলত জয়লাভ শিৱ থাপাৰ

নিউজ ডেস্কঃ বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছৰ প্ৰথম দিনটোতে অসম তথা ভাৰতবাসীলৈ সুখৰ বাৰ্তা কঢ়িয়ালে বক্সাৰ শিৱ থাপাই।

৬৩.৫ কেজি শাখাত বক্সিং ৰিঙত অৱতীৰ্ণ হৈ পাকিস্তানী প্ৰতিদ্বন্দ্বী ছোলেমান বালোচক ধৰাশায়ী কৰি প্ৰথমখন খেলত বিজয় সাব্যস্ত কৰে শিৱ থাপাই।

উল্লেখ্য যে, শুকুৰবাৰে বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা খেলখনত প্ৰথমৰ পৰা প্ৰতিদ্বন্দ্বীৰ ওপৰত নিজৰ আধিপত্য দেখুৱাবলৈ সক্ষম হৈছিল শিৱ থাপাই।

image 296
কমনৱেলথ গেমছৰ পৰা প্ৰথমটো ভাল খবৰঃ প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি প্ৰথমখন খেলত জয়লাভ শিৱ থাপাৰ 2

ৰিঙত অৱতীৰ্ণ হোৱাৰ পূৰ্বে দৃঢ় আত্মবিশ্বাসী ৰূপত দেখা গৈছিল অসমৰ বক্সাৰজনক। আৰু খেলখনতো সেই আত্মবিশ্বাস অব্যাহত ৰাখি এক সহজ জয় লাভ কৰে শিৱ থাপাই।

উল্লেখ্য যে, ৮ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া ৭২সংখ্যক কমনৱেল্থ গেমছত এইবাৰ শিৱ থাপাই পদক জয়েৰে সমগ্ৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী হৈ আছে ক্ৰীড়াপ্ৰেমী সকল।