ক’ভিড-১৯ত আক্ৰান্ত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ৭ দিনলৈ বিদ্যালয় বন্ধ ঘোষণা‌

নিউজ ডেস্ক। ক’ভিড-১৯ৰ সংক্ৰমণ হ্ৰাস পােৱাৰ পাছতে ৰাজ্যজুৰি পুনৰ আৰম্ভ হ’ল অধিকাংশ শিক্ষানুষ্ঠানৰ স্বাভাৱিক পাঠদান।

তেনে সময়তে এখন বিদ্যালয়ত ৭ জনকৈ শিক্ষক-শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাত তীব্ৰ আতংক বিৰাজ কৰিছে বিদ্যালয়খনত।

এই বিদ্যালয়খন হৈছে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়।

বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পিছত আকস্মিকভাৱে পুনৰ বন্ধ কৰিবলগীয়া হৈছে।

বিদ্যালয়ৰ সাতজনকৈ শিক্ষক-শিক্ষিয়িত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড।

পাঠদান কৰি থকা অৱস্থাত তিনিজন শিক্ষক-শিক্ষয়িত্ৰীৰ শাৰীৰিক অসুস্থাতাৰ পিছত কৰ্তৃপক্ষই স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত পৰীক্ষা কৰাৰ অন্তত তেওঁলোকৰ দেহত ক’ভিড বীজাণু ধৰা পৰে।

ইয়াৰ পাছতে চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য বিভাগে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰে।

ক’ভিড পৰীক্ষাত চাৰিজন শিক্ষক-শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰে ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি।

Leave a Comment