অসম

ক’ভিড বিধি ভংগঃ পূজাৰ বতৰতে ছীল হ’ল বিশ্বনাথ চাৰিআলিৰ বিশাল মেগা মাৰ্ট…

অনিৰ্দিষ্ট কালৰ বাবে ছীল কৰা হ’ল বিশ্বনাথৰ বিশাল মেগা মাৰ্ট।

ক’ভিড বিধি ভংগ কৰাৰ অভিযোগত ছীল হ’ল বিশ্বনাথৰ বিশাল মেগা মাৰ্ট।

সোমবাৰে নিশা বিশ্বনাথ জিলা প্ৰশাসনে ছীল কৰিলে বিশালৰ বিশ্বনাথ চাৰিআলিৰ বিপণী৷

ক’ভিড প্ৰটকল নমনাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ব্যৱসায়িক কাম–কাজ চলাই থকাৰ সময়তে আৰক্ষীয়ে আহি বন্ধ কৰি দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখন৷

একে সময়তে বহু লোকৰ সমাগম হোৱাৰ লগতে মুখত মাস্ক পৰিধান নকৰাৰ বাবেই বন্ধ কৰি দিয়া হ’ল শ্বপিং মলখন৷ ইফালে গ্ৰাহকৰ লগতে বিশাল মাৰ্টৰ একাংশ কৰ্মচাৰীয়েও মাস্ক পৰিধান নকৰাৰ অভিযোগ উঠিছে৷

আনহাতে, নিশাৰ ভাগত জিলা উপায়ুক্তৰ নিৰ্দেশৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিতিত অনিৰ্দিষ্ট কাললৈকে ছীল কৰা হ’ল বিশাল মেগা মাৰ্ট৷

২০০৫ চনৰ দুৰ্যোগ প্ৰশমন আইনৰ অধীনত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ এই বিশাল মেগামাৰ্ট পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

সোমবাৰে সন্ধিয়া ভাগত বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল দাসৰ প্ৰতিবেদনৰ ভিত্তিত মলটো ছীল কৰা বাবে বিশ্বনাথ জিলা উপায়ুক্তই কঠোৰ নিৰ্দেশনা জাৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *