অসমীয়াৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীক ক্ষুৰধাৰ সমালােচনা কংগ্ৰেছ নেতা কপিল চিবালৰ

নিউজ ডেস্ক। দেশজুৰি পেট্ৰ’ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিক লৈ তীব্ৰতৰ হৈছে ৰাজনৈতিক দল তথা বিভিন্ন সংগঠনৰ প্ৰতিবাদ।

দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে মুম্বাইত শতকৰ ঘৰ অতিক্ৰম কৰিলে ডিজেলৰ মূল্যও।

পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি দিবলৈ গৈ শাসকীয় পক্ষৰ বিভিন্ন লােকে প্ৰকাশ কৰিছে ভিন্ন মন্তব্য।

খােদ কেন্দ্ৰীয় পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি দি মূলতঃ বিনামূলীয়া ক’ভিড ভেকচিনৰ বাবে জনসাধাৰণে পেট্ৰ’ল-ডিজেলৰ অধিক মূল্য ভৰিবলগীয়া হােৱা বুলি মন্তব্য কৰিছে।

ইয়াৰ বিপৰীতে, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই চাইকেল চলােৱাৰ লগতে বাইকত ৩ জন ব্যক্তিক উঠিবলৈ পৰামৰ্শ দিছে।

ইপিনে, ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰােধী কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কপিল চিবাল।

মংগলবাৰে টুইট কৰি চিবালে কয় যে কেন্দ্ৰীয় পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰীয়ে বিনামূলীয়া ভেকচিনৰ বাবে এই মূল্যবৃদ্ধি হােৱা বুলি প্ৰকাশ কৰিছে। অৰ্থাৎ দেশত সম্পদ আহৰণৰ বাবে মােদী চৰকাৰে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰা কথা স্বীকাৰ কৰিছে মন্ত্ৰীজনে। এয়াই হৈছে মােদীৰ নিৰ্ণায়ক চৰকাৰ।

উল্লেখ্য যে ৰামেশ্বৰ তেলীয়ে দেশত পেট্ৰ’ল-ডিজেলতকৈ পানীৰহে দাম অধিক বুলি মন্তব্য প্ৰকাশ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *