অসম

কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন ঘোষণা হোৱাৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল এতিয়া আৰু ৰাষ্ট্ৰীল দল হৈ থকা নাই বুলি মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই। পিছলৈ এটা জিলা পৰ্যায়ৰ সৰু আঞ্চলিক দললৈ ৰূপান্তৰিত হ’ব কংগ্ৰেছ। বিৰোধী একত্ৰিত হ’লেও বিজেপিৰ ওচৰ চাপিব নোৱাৰে।’

লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়- জাতি, ধৰ্ম পাহৰি ৰাইজে এতিয়া উন্নয়নৰ ইছ্যুত ভোট দিবলৈ লৈছে। ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে তাকেই প্ৰমাণ কৰিছে। নৰেন্দ্ৰ মোদীৰ বিকাশৰ ৰাজনীতিক দেশবাসীয়ে আদৰি লৈছে।

আনহাতে ‘আপ’ৰ বিজয়ক লৈ অসমত হোৱা চৰ্চাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়- ক’ৰবাত বৰষুণ হ’লে ইয়াত ছাতি লোৱা লোক ওলায়েই। আমি ছাতি লোৱাৰ সুবিধা নিদিওঁ। যিমানে বিৰোধীয়ে আন্দোলন কৰিব বিজেপিক ৰাইজে সিমানে আঁকোৱালি ল’ব।’

Leave a Reply

Your email address will not be published. Required fields are marked *