এম্বুলেন্সৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৰােগীসহ ৪ জনৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত পতিত হ’ল ৰােগী তথা ৰােগীৰ আত্মীয়ক কঢ়িওৱা এম্বুলেন্স।

মালবাহী ট্ৰাকৰ সৈতে হােৱা মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু এম্বুলেন্সৰ চালক, ৰােগীসহ ৪ জন লােকৰ।

260361794-3061265910781097-5154728235836837183-n

এই ঘটনা শনিবাৰে পুৱা সংঘটিত হয় ৰাজস্থানৰ আলৱাৰ-গংগাপুৰ মেগা হাইৱেত।

জানিব পৰা মতে, আলৱাৰ জিলাৰ বাম্বোলি ৰামগড়ৰ পাঁচজন লােকে এজন ৰোগীৰ চিকিৎসাৰ বাবে এম্বুলেন্সত জয়পুৰলৈ ৰাওনা হৈছিল।

তেনে সময়তে, বচৱা আৰক্ষী থানা অঞ্চলত জয়সিংপুৰা গেটৰ সমীপতে ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষ হয়।

261096549-3061265840781104-2852016859961871290-n

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত এম্বুলেন্সত আৱদ্ধ হৈ থকা মৃতদেহবোৰ উলিয়াই আনিবলৈ সক্ষম হয়।

নিহত কেইজনৰ নাম হৈছেঃ বলজিৎ প্ৰজাপত (২৮), হিম্মত সিং (৩২) আৰু ভূপ সিং প্ৰজাপত (৩৫) আৰু জয়পুৰৰ বাসিন্দা এম্বুলেন্স চালক মহেশ খাণ্ডেলৱাল (৩৫)।

এই দুৰ্ঘটনাত আহত দুজন লােকক চিকিৎসালয়ত ভৰ্তি কৰােৱা হৈছে।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

দ্য বাৰ্নিং ট্ৰেন! চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

Leave a Comment