এমাহৰ ভিতৰত দিল্লীৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হ’ব OILৰ মুখ্য কাৰ্য্যালয়…

এমাহৰ ভিতৰত দিল্লীৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হ’ব অইল ইণ্ডিয়াৰ মুখ্য কাৰ্য্যালয়।

মঙলবাৰে এই কথা সদৰি কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

গুৱাহাটীৰ বামুনিমৈদামত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্য্যালয় স্থাপন কৰা হ’ব।

ইতিমধ্যে, অসম চৰকাৰে গুৱাহাটীত স্থাপন কৰিবলগীয়া কাৰ্য্যালয়ৰ বাবে ৭ বিঘা ভূমি আগবঢ়াইছে।

অৱশ্যে যেতিয়ালৈ বামুনিমৈদামৰ স্থায়ী কাৰ্য্যালয়টোৰ নিৰ্মাণকাৰ্য্য সম্পুৰ্ণ হৈ নুঠে তেতিয়ালৈ গুৱাহাটীৰ ভঙাগড়ৰ এটা অস্থায়ী কাৰ্য্যালয়ত বিভাগীয় কাম-কাজ সমূহ চলি থাকিব বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে।

গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া অইল ইণ্ডিয়াৰ মুখ্য কাৰ্য্যালয়ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে নিবিদা বিচাৰি জাননী প্ৰকাশ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে, বাঘজানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পাছতে ২০২১ চনত কেন্দ্ৰ চৰকাৰে অইল ইণ্ডিয়াৰ মুখ্য কাৰ্য্যালয় অসমলৈ স্থানান্তৰিত কৰাৰ বাবে আহ্বান জনাইছিল।

Leave a Comment