এবছৰলৈ নহয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

এবছৰলৈ নহয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ।

শুকুৰবাৰে এক প্ৰশ্নৰ উত্তৰ হিচাপে এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে ইয়াকো কয় যে, বৰ্তমান এটা ভাল টিমে আমি কাম কৰি আছো। এক বছৰৰ পিছত চিন্তা চৰ্চা কৰা হ’ব।

সৰু মন্ত্ৰীসভাৰে চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিলৈ কাম কৰাৰ পণ লৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

এই হিচাপত অহা ২০২২ৰ ১০ মে’লৈ সম্প্ৰসাৰণ নহয় ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয়- এই মন্ত্ৰীসভাৰ কাৰ্য কালতেই গুৱাহাটীৰ পানী সমস্যা সোনকালে সমাধান কৰিবলৈ সকলো প্ৰকল্প কাম সোনকালে কৰা হব। লগতে গোটেই কেইটা নিগম লাভজনক সময়মতে যাতে দৰমহা দি চলাব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব৷

Leave a Comment