নিউজ ডেস্কঃ এতিয়াৰে পৰা নিজৰ ইচ্ছা অনুসৰি সাজ-পোছাক পিন্ধি আহিব নোৱাৰিব বিধানসভাৰ কৰ্মচাৰীয়ে।
বিধানসভাৰ কৰ্মচাৰীক ড্ৰেছ ক’ড বান্ধি দিলে বিধানসভা সচিবালয়ে।
সোমবাৰে এক নিৰ্দেশনা জাৰি কৰি কৰ্মচাৰী সকলৰ সাজ-পোছাকক লৈ নীতি-নিৰ্দেশনা বান্ধি দিয়ে বিধানসভা সচিবালয়ে।
যাৰ পৰিপ্ৰেক্ষিতত জীনছ, টি-চাৰ্ট অথবা লেগিংছৰ দৰে পোছাক পিন্ধি আহিব নোৱাৰিব কৰ্মচাৰীয়ে।
বিধানসভা সচিবালয়ৰ নতুন নিৰ্দেশনা অনুসৰি সাধাৰণ কৰ্মদিনতো বাধ্যতামূলক হ’ব এই ড্ৰেছ ক’ড।
বিধানসভাৰ পুৰুষ কৰ্মচাৰীসকলে ফৰ্মেল ড্ৰেছ পৰিধান কৰাৰ লগতে মহিলা কৰ্মচাৰীয়ে পৰিধান কৰিব লাগিব মেখেলা-চাদৰ।
আনহাতে অধিৱেশনৰ সময়ত সাংবাদিক সকলেও পৰিধান কৰিব লাগিব ফৰ্মেল ড্ৰেছ।
অৱশ্যে বুধবাৰৰ দিনটোত বিধানসভাৰ কৰ্মচাৰীসকলে ইচ্ছানুসৰি পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰাত অনুমতি প্ৰদান কৰে বিধানসভা সচিবলায়ে।









