এটা পৰিয়ালৰ কাহিনীঃ ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ আইএএছ-আইপিএছ বিষয়া হ’ল ৪ ভাতৃ-ভগ্নী…

নিউজ ডেস্কঃ ভাৰতৰ সকলো পৰীক্ষাৰ ভিতৰত অন্যতম কঠিন পৰীক্ষা চিভিল চাৰ্ভিছ পৰীক্ষা। অশেষ কষ্ট, মেধা আৰু অধ্যয়নৰ জৰিয়তে সম্ভৱ ইউপিএছচি পৰীক্ষাত সফলতা লাভ কৰাটো। কিন্তু এইখন ভাৰততে এনে এটি পৰিয়ালো আছে, যিটো পৰিয়ালৰ ৪ গৰাকী ভাতৃ-ভগ্নীয়ে ইউপিএছচি পৰীক্ষাত সফলতা অৰ্জন কৰি আজি আইএএছ, আইপিএছ ৰূপে দেশৰ সেৱাত নিয়োজিত হৈ আছে।

উত্তৰ প্ৰদেশৰ লালগঞ্জৰ নিৱাসী অৱসৰপ্ৰাপ্ত বেংক মেনেজাৰ অনিল প্ৰকাশ মিশ্ৰৰ দুই পুত্ৰ আৰু দুই কন্যাই ইউপিএছচি পৰীক্ষাত সফলতা লাভ কৰি এটা অনন্য পৰিয়াল ৰূপে সকলোৰে বাবে আদৰ্শ হৈ পৰিছে।

image 300
এটা পৰিয়ালৰ কাহিনীঃ ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ আইএএছ-আইপিএছ বিষয়া হ’ল ৪ ভাতৃ-ভগ্নী… 3

অনিল মিশ্ৰই এটা সাক্ষাৎকাৰত কয়, ‘মই এটা গ্ৰামীন বেংকৰ মেনেজাৰ আছিলো। কিন্তু মই কেতিয়াও মোৰ সন্তানৰ শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত আপোচ কৰা নাছিলো। মই বিচাৰিছিলো যে তেওঁলোকে ভালদৰে পঢ়া-শুনাত মনোনিৱেশ কৰি এটা ভাল সংস্থাপন লাভ কৰক।’

চাৰিজন ভাতৃ-ভগ্নীৰ ভিতৰত জ্যেষ্ঠ যোগেশ মিশ্ৰ এগৰাকী আই এ এছ বিষয়া হিচাপে বৰ্তমান কৰ্তব্যৰত। তেওঁ লালগঞ্জত প্ৰাৰম্ভিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মতিলাল নেহৰু নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজিত ইঞ্জিনিয়াৰিং শিক্ষা গ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে তেওঁ নয়ডাত চাকৰি থকাৰ সময়তে প্ৰস্তুতি চলাই গৈছিল অসামৰিক সেৱাৰ বাবে। ২০১৩ চনত তেওঁ ইউ পি এছ চিৰ পৰীক্ষাত সফলতা অৰ্জন কৰে।

image 301
এটা পৰিয়ালৰ কাহিনীঃ ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ আইএএছ-আইপিএছ বিষয়া হ’ল ৪ ভাতৃ-ভগ্নী… 4

অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাই থকা যোগেশ মিশ্ৰৰ ভগ্নী ক্ষমা মিশ্ৰই প্ৰথম তিনিটা প্ৰচেষ্টাত সফলতা অৰ্জন কৰিব নোৱাৰিলেও থমকি ৰোৱা নাছিল। অশেষ পৰিশ্ৰম আৰু অধ্যাৱয়ৰে অৱশেষত চতুৰ্থ প্ৰয়াসত তেওঁ ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান আইপিএছ বিষয়া হিচাপে কৰ্তব্যৰত হৈ আছে।

সেইদৰে তৃতীয় ভগ্নী মাধুৰী মিশ্ৰই লালগঞ্জৰ এখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ বাবে এলাহাবাদলৈ গুচি যায়। ইয়াৰ পিছত ২০১৪ চনত ইউপিএছচি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ ঝাৰখণ্ড কেডাৰৰ আইএএছ বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

চাৰি ভাতৃ-ভগ্নীৰ ভিতৰত আটাইতকৈ কনিষ্ঠ লোকেশ মিশ্ৰইও ২০১৫ চনত ইউপিএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হৈ দেশৰ ভিতৰতে ৪৪ নম্বৰ স্থান লাভ কৰি বৰ্তমান এগৰাকী সুদক্ষ আই এ এছ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

চাৰিগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়াৰ পিতৃ অনিল প্ৰকাশ মিশ্ৰই নিজৰ সন্তানৰ সফলতাত গৌৰৱ বোধ কৰে। তেওঁ কয়, “আজি মোৰ সন্তান আইএএছ, আইপিএছ বিষয়া। এতিয়া ভগৱানৰ পৰা কি বিচাৰিম। মই সকলো পাইছো। ল’ৰা-ছোৱালীৰ অগ্ৰগতি দেখি মই গৌৰৱ অনুভৱ কৰিছো।”