এছিয়াৰ প্ৰথমগৰাকী মহিলা লোকো পাইলট সুৰেখা যাদৱৰ আন এক কৃতিত্ব! বন্দে ভাৰত এক্সপ্ৰেছৰো লোকো পাইলট হিচাপে কৰিলে যাত্ৰা…

নিউজ ডেস্কঃ এছিয়াৰ প্ৰথমগৰাকী মহিলা লোকো পাইলটৰ দ্বাৰা চালিত হ’ল বন্দে ভাৰত এক্সপ্ৰেছ।

এই কথা সদৰী কৰি ৰে’ল মন্ত্ৰণালয়ে কয় যে এছিয়াৰ প্ৰথমগৰাকী মহিলা লোকো পাইলট সুৰেখা যাদৱে বন্দে ভাৰত এক্সপ্ৰেছৰো প্ৰথমগৰাকী মহিলা লোকো পাইলট হিচাপে পৰিগণিত হৈছে।

সোমবাৰে মুম্বাইৰ ছ’লাপুৰ ষ্টেচন আৰু ছাত্রপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (চিএছএমটি)ৰ মাজত ছেমি হাই স্পীড ৰে’লখন চলায় সুৰেখা যাদৱে।

কেন্দ্ৰীয় ৰে’লৱেৰ এক বিবৃতিত কোৱা হৈছে যে বন্দে ভাৰত এক্সপ্ৰেছে ১৩ মাৰ্চত সঠিক সময়ত ছ’লাপুৰ ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি নিৰ্ধাৰিত সময়ৰ পাঁচ মিনিট পূৰ্বে চিএছএমটিত উপস্থিত হয়।

ৰে’লখনে ৪৫০ কিলোমিটাৰতকৈ অধিক দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰি চিএছএমটিৰ ৮ নং প্লেটফৰ্মত উপস্থিত হোৱাৰ পিছতে লোকো পাইলট সুৰেখা যাদৱক সম্বৰ্ধনা জনোৱা হয়।

ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে টুইট কৰি কয়, “বন্দে ভাৰত নাৰী শক্তিৰ দ্বাৰা চালিত। বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰথম মহিলা লোকো পাইলট হৈছে সুৰেখা যাদৱ।”

পশ্চিম মহাৰাষ্ট্ৰ অঞ্চলৰ সতৰাত জন্মগ্ৰহণ কৰা সুৰেখা যাদৱে ১৯৮৮ চনত ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰেল চালক হিচাপে পৰিগণিত হয়। তেওঁৰ এই কৃতিত্বৰ বাবে এতিয়ালৈকে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু বঁটা লাভ কৰিছে।

২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিএছএমটি-ছ’লাপুৰ আৰু চিএছএমটি-সাইনগৰ শিৰদী পথত কেন্দ্ৰীয় ৰে’লৱেৰ দুখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল মুকলি কৰিছে।

ৰে’লৱেৰ বিষয়াসকলৰ মতে, নতুন পথত লোকো পাইলটিঙৰ বাবে ব্যাপক শিক্ষণৰ প্ৰয়োজন হয় আৰু ৰে’ল যাত্ৰাৰ সময়ত প্ৰতিটো মুহূৰ্ততে ক্ৰুৱে সজাগ হৈ থাকিব লাগে।

বিবৃতিটোত কোৱা হৈছে যে ক্ৰু লাৰ্নিং প্ৰক্ৰিয়াত সংকেত পৰ্যবেক্ষণ, হাতে কামে নতুন সঁজুলি, অন্যান্য ক্ৰু সদস্যৰ সৈতে সমন্বয়, ৰে’ল চলোৱাৰ বাবে সকলো পৰিমাপ পালন আদি জড়িত হৈ থাকে।