অসমঅসমীয়া

এখন বিশেষ বিয়া! চকুৰে নেদেখা ফটিকলৈ বিয়া হৈ আহিল তেজপুৰৰ জেছমিনা

নিউজ ডেস্ক। কোনে কয় ভালপোৱাৰ আৰম্ভণি দুচকুৰে হয়?

৭ বছৰ পূৰ্বে মোবাইলত চিনাকি হৈছিল ফটিক আৰু জেছমিনাৰ। ৰং নম্বৰত হোৱা এই চিনাকিয়ে লাহে লাহে ৰূপ লৈছিল ভালপোৱাৰ।

দুয়ো দুয়োৰে প্ৰেমত বন্দী হৈ পৰিছিল ক্ৰমশঃ। অথচ এবাৰলৈও তেওঁলোকে দেখা নাছিল ইজনে আনজনৰ মুখ। আনকি তেওঁলোকৰ ৭ বছৰীয়া প্ৰেমৰ সম্পৰ্ক জনা নাছিল কোনেও।

p1 5

অৱশেষত এদিন এই গোপন প্ৰেমক বিচাৰি ওলাই আহিল দুয়ো। তেতিয়াই জেছমিনাই জানিব পাৰিলে যে ফটিক চানে নেদেখে দুচকুৰে।

কিন্তু তাৰ পিছতো অটল থাকিল জেছমিনা আৰু ফটিকৰ ভালপোৱা। শৰীৰৰ প্ৰতিবন্ধকতাকো নেওচি অৱশেষত তেওঁলোকে দীৰ্ঘদিনৰ ভালপোৱাক বিবাহৰ স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্ত লয়।

চিনেমাৰ কাহিনী যেন লগা ভালপোৱাৰ এনে সফল পৰিসমাপ্তি ঘটিছে ওদালগুৰি জিলাত। মোবাইল ফোনত প্ৰথম চিনাকি হৈছিল ওদালগুৰিৰ চুকাবাহি গাঁৱৰ ফটিক চান আৰু তেজপুৰৰ জেছমিনাৰ।

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত জেছমিনাই প্ৰেমিক ফটিকক বিচাৰি এদিন উপস্থিত হয় চুকাবাহি গাঁৱত আৰু তাতেই সম্পন্ন হয় জেছমিনা আৰু ফটিকৰ বিবাহখন।

বিবাহৰ দিনটোত জেছমিনাক আদৰিবলৈ ফটিকৰ পদূলিত ভিৰ কৰে অগণন লোকে।

শৰীৰৰ বাধাকো নেওচি প্ৰেমত পৰা যুৱক-যুৱতীহালক আশীৰ্বাদ আৰু শুভেচ্ছাৰে উপচায় পেলায় গাঁওবাসীয়ে।

ইফালে ৭ বছৰীয়া প্ৰেমক বিবাহৰ ৰূপ দিবলৈ পাই আনন্দিত হৈ পৰে ফটিক আৰু জেছমিনাও। ভালপোৱাৰ এই সুখৰ পৰিণতিয়ে সুখী কৰিছে চুকাবাহি গাঁৱৰ গাঁওবাসীক।

লগতে চাওকঃ

মৃত্যুৰ পিছতো ৩ জনক নতুন জীৱন দি গ’ল এগৰাকী মহিলা চিকিৎসকে…

G1 7

Leave a Reply

Your email address will not be published. Required fields are marked *