একেলগে জ্বলিল নেপালৰ বিমান দুৰ্ঘটনাত নিহত ৪ ভাৰতীয় অভিন্ন বন্ধুৰ চিতা! অন্তিমবাৰৰ মুখখন দেখাৰ সৌভাগ্যও নহ’ল পৰিয়ালৰ…

নিউজ ডেস্কঃ নেপালৰ বিমান দুৰ্ঘটনাত নিহত উত্তৰ প্ৰদেশৰ চাৰি বন্ধুৰ একেলগে জ্বলি উঠা চিতাই শোকৰ বন্যা নমালে পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যখনত।

গাজীপুৰৰ চুলতানপুৰ ঘাটত একেলগে শেষকৃত্য সম্পন্ন কৰা হ’ল নেপালৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত ৪ বন্ধু অনিল, অভিষেক, বিশাল আৰু সোণুৰ।

image 70
একেলগে জ্বলিল নেপালৰ বিমান দুৰ্ঘটনাত নিহত ৪ ভাৰতীয় অভিন্ন বন্ধুৰ চিতা! অন্তিমবাৰৰ মুখখন দেখাৰ সৌভাগ্যও নহ’ল পৰিয়ালৰ… 5

ইয়াৰ পূৰ্বে দুৰ্ঘটনাৰ ১০ দিন পিছত চাৰি অভিন্ন মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে শোকৰ বন্যা নামে চাৰিখন গাঁৱত।

উল্লেখ্য যে, এই বিমান দুৰ্ঘটনাৰ পিছত নেপাল প্ৰশাসনে মৃতদেহ বুলিবলৈ মাত্ৰ পৰিয়ালৰ হাতত গতাই দিছিল কাৰোবাৰ ভৰি, কাৰোবাৰ হাত অথবা শৰীৰৰ মাংসপিণ্ড।

image 71
একেলগে জ্বলিল নেপালৰ বিমান দুৰ্ঘটনাত নিহত ৪ ভাৰতীয় অভিন্ন বন্ধুৰ চিতা! অন্তিমবাৰৰ মুখখন দেখাৰ সৌভাগ্যও নহ’ল পৰিয়ালৰ… 6

কাপোৰ, ডিঙিৰ চেইন অথবা পিন্ধি থকা জোতাৰ জৰিয়তেহে অভিষেক, অনিল, বিশাল আৰু সোণুৰ মৃতদেহ চিনাক্ত কৰিবলগীয়া হৈছিল পৰিয়ালে।

যাৰ বাবে নিজৰ সন্তানৰ মুখখন শেষবাৰৰ বাবে দেখিবলৈ নোপোৱাৰ দুখত কান্দোনত ভাগি পৰে চাৰি যুৱকৰ পিতৃ-মাতৃ।

image 72
একেলগে জ্বলিল নেপালৰ বিমান দুৰ্ঘটনাত নিহত ৪ ভাৰতীয় অভিন্ন বন্ধুৰ চিতা! অন্তিমবাৰৰ মুখখন দেখাৰ সৌভাগ্যও নহ’ল পৰিয়ালৰ… 7

প্ৰণিধানযোগ্য যে, ১৫ জানুৱাৰীত নেপালত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছিল গাজীপুৰৰ বাৰেছাৰ থানা এলেকাৰ চাৰিজন যুৱকে।

ইফালে দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ১৭ জানুৱাৰীত নেপালৰ কাঠমাণ্ডুত উপস্থিত হয় চাৰি যুৱকৰ পৰিয়াল। তেতিয়াৰ পৰাই নিজৰ আপোনজনৰ মৃতদেহৰ বাবে অপেক্ষা কৰি অৱশেষত ১০ দিন পিছত মৃতদেহৰ অৱশিষ্ট স্বগৃহলৈ আনিবলৈ সক্ষম হয়।

image 73
একেলগে জ্বলিল নেপালৰ বিমান দুৰ্ঘটনাত নিহত ৪ ভাৰতীয় অভিন্ন বন্ধুৰ চিতা! অন্তিমবাৰৰ মুখখন দেখাৰ সৌভাগ্যও নহ’ল পৰিয়ালৰ… 8

অন্যহাতে মৃতদেহৰ অন্তিম সংস্কাৰৰ পিছতে ৪ যুৱকৰ পৰিয়ালে জিলা সদৰত উপস্থিত হৈ জিলা প্ৰশাসনৰ পৰা ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ লগতে পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনায়।

পৰিয়ালৰ এই দাবীৰ সময়ত তেওঁলোকৰ সৈতে উপস্থিত থাকে কেইবাগৰাকী স্থানীয় কংগ্ৰেছ নেতাও।