অসমীয়াৰাষ্ট্ৰীয়

একেটা মণ্ডপত একেলগে সম্পন্ন হৈ আছিল দুই ভগ্নীৰ বিবাহঃ বৰমালা পিন্ধোৱাৰ সময়তে হঠাৎ গ’ল কাৰেণ্ট, তাৰ পিছত…

নিউজ ডেস্কঃ একেটা মণ্ডপতে বিবাহত বহিছিল দুই ভগ্নী। সকলো ঠিকেই চলিছিল। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে মুখৰিত কৰিছিল ৰভাতলী।

বিয়া ঘৰলৈ অহাই আহিছিল, যোৱাই গৈছিল। কিন্তু হঠাৎ হোৱা বিদ্যুৎ কৰ্তনে লগালে খেলিমেলি।

এন্ধাৰে মুন্ধাৰে বৰমালা পিন্ধাবলৈ গৈ দৰাই সলনি কৰি পেলালে দুই ভগ্নীয়ে।

photo 2022 05 10 12 44 03

এই ঘটনা মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ।

জানিব পৰা মতে, ৰমেশলালৰ দুই কন্যা নিকিতা আৰু কৰিশ্মাৰ বিয়াখন সম্পন্ন হৈছিল একেখন ৰভাতলীৰ একেটা মণ্ডপতে।

দৰা আছিল ভূপালৰ ডাংৱাৰা অঞ্চলৰক ভোলা আৰু গণেশ।

নিকিতাৰ বিয়া ভোলাৰ সৈতে আৰু কৰিশ্মাৰ বিয়া ঠিক হৈছিল গণেশৰ সৈতে। বিবাহৰ মণ্ডপত অতি নিয়াৰিকৈ সম্পন্ন হৈছিল সকলো ৰীতি-নীতি।

फेरे के समय चेहरा दिखा, फिर जिसके साथ तय थी शादी उसी के साथ निभाईं रस्में |  The face was shown at the time of the round, then performed the rituals with

কিন্তু বৰমালা পিন্ধোৱা পৰ্বৰ সময়তে ৰভাঘৰৰ বিদ্যুৎ কৰ্তন হোৱাত সকলো ওলট পালট লাগে।

ভুলবশতঃ নিকিতাই গণেশৰ ডিঙিত আৰু কৰিশ্মাই ভোলাৰ ডিঙিত বৰমালা পিন্ধাই সম্পন্ন কৰে বিয়াখন।

फेरे के समय चेहरा दिखा, फिर जिसके साथ तय थी शादी उसी के साथ निभाईं रस्में |  The face was shown at the time of the round, then performed the rituals with

ইফালে বিয়াৰ সকলো ৰীতি-নীতি অন্ত পৰাৰ পিছতহে দুই ভগ্নীয়ে উপলব্ধি কৰে তেওঁলোকৰ ভুল। তাৰ পিছতে বিয়াঘৰত একপ্ৰকাৰ হাহাকাৰৰ সৃষ্টি হয়।

অৱশ্যে পিছদিনা পুনৰ বিয়াখন নতুনকৈ অনুষ্ঠিত কৰি দুয়োজনে নিজৰ প্ৰকৃত স্বামীক আদৰি লয়।

লগতে চাওকঃ

যাত্ৰী নহয়, পাইলট- সহ পাইলট হৈ বিমান উৰুৱালে মাতৃ-পুত্ৰৰ

G01 1

Leave a Reply

Your email address will not be published. Required fields are marked *