অসম

এই চাৰিটা দিনত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা জিলা প্ৰশাসনৰ…

২২ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

সেই উপলক্ষে কামৰূপ মহানগৰ জিলাত চাৰিটা দিনত ড্ৰাই ডে’ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈ ড্ৰাই ডে’ ঘোষণা কৰাৰ লগতে ভোট গণনাৰ দিনটোতো অৰ্থাৎ ২৪ এপ্ৰিলৰ দিনাখনো ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

এক জাননীযোগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

ড্ৰাই ডে’ৰ সময়ত গুৱাহাটী মহানগৰ জিলাত সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ থাকিব। ড্ৰাই ডে’ৰ সময়ত ব্যক্তিগতভাৱে সুৰা গোটাই ৰখাটোৱো নিষিদ্ধ কৰা হৈছে।

গুৱাহাটী পৌৰ নিগমৰ ষাঠিটা ৱাৰ্ডত ড্ৰাই ডে’ৰ সময়ত সুৰাৰ বিক্ৰী বন্ধ কৰাৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও জাননীত উল্লেখ কৰা হয়।

নিৰ্দেশনা ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যাৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰি কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

Leave a Reply

Your email address will not be published. Required fields are marked *