এইবাৰ লণ্ডনত প্ৰতিষ্ঠা হ’ব অসমৰ দেৱী দুৰ্গাৰ প্ৰতিমা…

নিউজ ডেস্কঃ এইবাৰ দুৰ্গা পূজাত সুদূৰ লণ্ডনত প্ৰতিষ্ঠা হ’ব অসমৰ দূৰ্গা প্ৰতিমা। অসমৰ পৰা লণ্ডনলৈ প্ৰথমবাৰলৈ প্ৰেৰণ কৰিবলগীয়া দুৰ্গা প্ৰতিমাটো নিৰ্মাণ কৰা হৈছে কৰিমগঞ্জৰ প্ৰতিমা শিল্পালয়ত।

photo1661436928
এইবাৰ লণ্ডনত প্ৰতিষ্ঠা হ’ব অসমৰ দেৱী দুৰ্গাৰ প্ৰতিমা… 3

কৰিমগঞ্জ চহৰৰ প্ৰতিমা খনিকৰ সঞ্জয় কুমাৰ পালৰ তত্বাৱধানত প্ৰায় ডেৰ মাহ কেইবাগৰাকীও খনিকৰে দিনে-নিশাই কাম কৰি সম্পূৰ্ণ কৰি তুলিছে লণ্ডনলৈ প্ৰেৰণ কৰিবলগীয়া দুৰ্গা প্ৰতিমাৰ নিৰ্মাণৰ কাম।

জানিব পৰা মতে, লণ্ডনৰ এখন পূজা কমিটীয়ে এই প্ৰতিমাৰ অৰ্ডাৰ দিছিল কৰিমগঞ্জৰ প্ৰতিমা শিল্পালয়ত।

photo1661437236
এইবাৰ লণ্ডনত প্ৰতিষ্ঠা হ’ব অসমৰ দেৱী দুৰ্গাৰ প্ৰতিমা… 4

আঢ়ৈ ফুট উচ্চতাৰ এই দুৰ্গা প্ৰতিমাৰ মূল্য হৈছে ৫৫ হাজাৰ টকা। প্রতিমা শিল্পালয়ৰ স্বত্বাধিকাৰী সঞ্জয় কুমাৰ পালে জনোৱা অনুসৰি, পূৰ্বে বহুবাৰ পশ্চিমবংগৰ পৰা দুৰ্গা প্ৰতিমা লণ্ডনলৈ প্ৰেৰণ কৰা হৈছে যদিও অসমৰ পৰা এয়াই প্ৰথম।

আৰু মাথো এমাহৰ পিছতে অনুষ্ঠিত হ’বলগীয়া দুৰ্গা পূজাৰ প্ৰাকক্ষণত লণ্ডনৰ পূজা সমিতিয়ে কৰিমগঞ্জৰ পৰা লৈ যাব এই প্ৰতিমাখন।