অসমীয়াৰাষ্ট্ৰীয়

এইবাৰ মহিলা বিমান যাত্ৰীৰ অন্তৰ্বাসৰ পৰা জব্দ ১৭ লাখ টকা মূল্যৰ চােৰাং সোণ…

নিউজ ডেস্কঃ বিমান বন্দৰত তালাচীৰ পৰা হাত সাৰিবলৈ বিভিন্ন ধৰণৰ ন ন কৌশল অৱলম্বন কৰে সৰবৰাহকাৰীয়ে।

তেনে এক অদ্ভূত কৌশল অৱলম্বন কৰি কেইবা লক্ষাধিক টকাৰ সোণ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে বাংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আটক কৰা হয় এগৰাকী মহিলা যাত্ৰীক।

অন্তৰ্বাসৰ ভিতৰত ১৭.৫ লাখ টকা মূল্যৰ সোণ সৰবৰাহ কৰাৰ সময়ত বিমান বন্দৰত বাংগালুৰু শুল্ক বিভাগৰ এয়াৰ চোৰাংচোৱা ইউনিটে জব্দ কৰে সোণখিনি।

bra GOLD

জানিব পৰা মতে, মহিলাগৰাকীয়ে যোৱা ৮ অক্টোবৰত ডুবাইৰ পৰা ভাৰতলৈ আহিছিল।

বাতৰি অনুসৰি, বিমান বন্দৰৰ নিয়মীয়া তালাচীৰ সময়ত মহিলা যাত্ৰী গৰাকীৰ বক্ষৰ অস্বাভাৱিক আকৃতি দেখি শুল্ক বিভাগৰ বিষয়াই সোধাপোছা চলায়।

মহিলাগৰাকীক সোধা প্ৰশ্নৰ মহিলগৰাকীয়ে সঠিক উত্তৰ দিব নোৱাৰাত সন্দেহ অধিক ঘণীভূত হয়।

তাৰ পিছতে মহিলাগৰাকীক আছুতীয়া কক্ষলৈ নি তালাচী চলোৱাত অন্তৰ্বাসৰ ভিতৰত অতি কৌশলেৰে ভৰাই অনা ১৭ লাখ ৫৩ হাজাৰ ৬৩০ টকা মূল্যৰ সোণ জব্দ কৰিবলৈ সক্ষম হয় শুল্ক বিভাগে।

ইয়াৰ পিছতে মহিলা সৰবৰাহকাৰী গৰাকীক আটক কৰে শুল্ক বিভাগে।

সোণ সৰবৰাহৰ বাবে মহিলা যাত্ৰীগৰাকীয়ে গ্ৰহণ কৰা এনে অদ্ভূত কৌশলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।