এইবাৰ প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি যজ্ঞ কৰিব এগৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰীয়ে!

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত একনায়কত্ববাদৰ সূচনা কৰিব বিচাৰিছে। – যোৱা ৫ জানুৱাৰীত পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বিসংগতিক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পিছতে এই অভিযোগ কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে।

বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি দেশৰ বিজেপি নেতা সকলে প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি কৰা মহামৃত্যুঞ্জয় জপক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী চান্নীয়ে।

তেওঁ কয় যে তেওঁও প্ৰধানমন্ত্ৰীৰ দীৰ্ঘজীৱনৰ বাবে ঘৰলৈ ১১ গৰাকী পণ্ডিতক আমন্ত্ৰণ কৰি মহামৃত্যঞ্জয় জপ কৰিব।

FIbe7k-YUc-AUhf-Tt

তেওঁ কয়, “যদি প্ৰধানমন্ত্ৰী মোডী কাৰোবাৰ পৰা ভাবুকিৰ সন্মুখীন হয়, মই নিজেই তেওঁৰ বাবে বাগলামুখী জপ কৰোঁ যাতে তেওঁৰ স্বাস্থ্য ভাল হয় আৰু শত্ৰুৰ নাশ হয়। যদি প্রধানমন্ত্রীৰ প্রতি ভাবুকি ইমানেই বৃদ্ধি পায় যে মহামৃত্যঞ্জয় জপ কৰিবলগা হয়, তেন্তে ময়ো আগন্তুক সময়ত ঘৰত এই পাঠ কৰিম আৰু নিজেই মন্ত্ৰ জপ কৰিম।”

মুখ্যমন্ত্ৰী চান্নীয়ে কয়, ‘আমি সুখী যে দেশত গণতন্ত্ৰ আছে আৰু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এনেদৰে গালি পাৰিছে যে তেওঁলোকে কেনেদৰে একেলগে দুটা কাম কৰি আছে। এফালে আপুনি আদালতৰ দাৰস্থও হৈছে আৰু ৰাজ্যখনক কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছে। সেয়েহে, গণতান্ত্ৰিক ব্যৱস্থাত এখন আদালত থকাটো অতি গুৰুত্বপূৰ্ণ। আজিৰ উচ্চতম ন্যায়ালয়ৰ ৰয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সৃষ্টি হোৱা সংঘাতক সকাহ দিছে।”

FIu-F5l-XUUAANp6-V

পঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ এবাৰ প্ৰশ্ন কৰে যে প্ৰধানমন্ত্ৰীয়ে য’লৈকে যায়, কেন্দ্ৰৰ সকলো নিৰাপত্তা সংস্থাই তেওঁৰ সুৰক্ষা দিয়ে। এনে এখন মহান দেশত, ইমান ভাল সেনা আৰু দেশৰ নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো প্ৰধানমন্ত্ৰীক কেনেকৈ ভাবুকি দিয়া হ’ব পাৰে? হয়, আপুনি ৰাজনৈতিক কাৰণত ভাবুকি সৃষ্টি কৰিছে, সেয়া বেলেগ।

কেৱল ৰাজনীতিৰ বাবে, পঞ্জাৱ আৰু পঞ্জাৱীক অৱমাননা কৰাৰ বাবেই এই ষড়যন্ত্ৰ ৰচা বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “পঞ্জাৱে দেশৰ বাবে বহু ত্যাগ কৰিছে। এইটো পঞ্জাৱৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ আছিল, যি এতিয়া বিফল হৈছে।”

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা গোচৰৰ শুনানি গ্ৰহণ কৰি সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰ পীঠে কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সমিটীখন ভঙ্গ কৰে। তাৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এখন নতুন তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিয়ে।

আনহাতে, উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সমিতিয়ে পঞ্জাৱ চৰকাৰ আৰু সঞ্চালক প্ৰধানক কিদৰে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব পাৰে বুলিও প্ৰশ্ন কৰে ন্যায়ালয়ে।

Leave a Comment