অসমঅসমীয়া

এইবাৰ টাৰ্গেট উৰুকা! সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠােৰ হ’ব আৰক্ষী

নিউজ ডেস্ক। এইবাৰ উৰুকাৰ নিশা সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান।

নতুন বছৰৰ উপলক্ষে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি সুৰাপায়ী গাড়ী চালকৰ বিৰুদ্ধে চলা অভিযানৰ দৰেই কঠােৰ হ’ব এই অভিযান।

সুৰাপান কৰি গাড়ী চলালে থাকিব লাগিব লকআপৰ ভিতৰত।

এই কথা ঘােষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

দেওবাৰে বিশ্বনাথত সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ সুৰাপান কৰাৰ ক্ষেত্ৰত বাধা আৰােপ কৰিব নােৱাৰে যদিও দুৰ্ঘটনা ৰােধ কৰাৰ উদ্দেশ্যে সুৰাপান কৰি গাড়ী চলােৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে।

সুৰাপানৰ বাবে যাতে কােনাে লােকে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাক নিশ্চিত কৰিবলৈ নতুন বছৰৰ দৰেই আৰক্ষীয়ে উৰুকাৰ নিশাও অভিযান চলােৱাৰ কথা ঘােষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *