এইবাৰ চাইবাৰ অপৰাধীৰ জালত অভিনেতা অনু কাপুৰ! KYC আপডেটৰ নামত লুটি লৈ গ’ল ৪.৩৬ লাখ টকা…

নিউজ ডেস্কঃ এইবাৰ চাইবাৰ অপৰাধীৰ জালত বলিউডৰ অভিনেতা অনু কাপুৰ।

কেৱাইচি আপডেটৰ নামত চাইবাৰ অপৰাধীয়ে লুটি লৈ গ’ল অভিনেতাগৰাকীৰ দুটা বেংক একাউণ্টৰ পৰা ৪.৩৬ লাখ টকা।

অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি অনু কাপুৰৰ বেংক একাউণ্টৰ পৰা লুটি নিয়া ৩.০৮ লাখ ঘূৰাই পাবলৈ সক্ষম হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে অনলাইন প্ৰৱঞ্চকে নিজকে বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি ফোন কৰিছিল অনু কাপুৰলৈ।

ফোনতে অভিনেতাগৰাকীক বেংক পাচবুকৰ কেৱাইচি আপডেট কৰিবলৈ পৰামৰ্শ দিয়ে প্ৰৱঞ্চকে।

সেই অনুসৰি অনু কাপুৰে নিজৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰাৰ লগতে অটিপিও শ্বেয়াৰ কৰে ভুৱা বেংক কৰ্মচাৰীজনক।

image 14
এইবাৰ চাইবাৰ অপৰাধীৰ জালত অভিনেতা অনু কাপুৰ! KYC আপডেটৰ নামত লুটি লৈ গ’ল ৪.৩৬ লাখ টকা… 2

কিন্তু পিছ মুহূৰ্ততে তেওঁৰ বেংকৰ পৰা তেওঁলৈ ফোন কৰি ৪.৩৬ লাখ টকা দুটা বেংক একাউণ্টলৈ ট্ৰান্সফাৰ হোৱা বুলি অৱগত কৰে।

যাতে আৰু অধিক টকা একাউণ্টৰ পৰা সৰকাব নোৱাৰে তাৰ বাবে লগে লগে অভিনেতাগৰাকীৰ বেংক একাউণ্ট দুটাও ফ্ৰীজ কৰি দিয়ে বেংক কৰ্তৃপক্ষই।

ইয়াৰ পিছতে অনু কাপুৰে অশিৱাৰা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তৎপৰতাৰে অনুসন্ধান চলাই যি দুটা বেংকলৈ ধন ট্ৰান্সফাৰ কৰা হৈছিল তাৰ সন্ধান উলিয়ায়।

আৰক্ষীয়ে ইতিমধ্যে চাইবাৰ প্ৰৱঞ্চকৰ পৰা ৩.০৮ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে অশিৱাড়া থানাৰ আৰক্ষী বিষয়াই।

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনলাইন প্ৰৱঞ্চকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।