এইখন চৰকাৰে পুনৰ ৮ টকাকৈ হ্ৰাস কৰিলে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য…

পুনৰ প্ৰতিলিটাৰত ৮ টকা হ্ৰাস পালে পেট্ৰ’লৰ মূল্য।

দিল্লী চৰকাৰে বুধবাৰে পেট্ৰ’লৰ ক্ষেত্ৰত কাৰ্য্যকৰী হৈ থকা ভেল্যু এডেড টেক্স চমুকৈ ভেট ৩০ শতাংশৰ পৰা ১৯.৪০ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ ফলত দেশৰ ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮ টকাকৈ হ্ৰাস হ’ব।

আজি নিশাৰ পৰা দিল্লীত নতুন পেট্ৰ’লৰ মূল্য কাৰ্য্যকৰী হ’ব।

উল্লেখ্য যে, বিগত মাহত কেন্দ্ৰ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ক্ষেত্ৰত আবকাৰী শুক্ল ক্ৰমে ৫ টকা আৰু ১০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Leave a Comment