যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্য।
দিন দুপৰতে একাংশ উন্মত্ত লোকে বৰ্বৰভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ছাত্ৰনেতা অনিমেষক।
ইতিমধ্য যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৩ জনকৈ অভিযুক্তক।
ইয়াৰ পাছতেই এগৰাকী নিদোৰ্ষী লোকক আৰক্ষীয়ে জিম্মাত ৰখাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে,গ্ৰেপ্তাৰ হোৱা ১৩ জন লোকৰ মাজত আছে সুভাষ বৰাৰ নাম এজন যুৱক।
ইয়াৰ পাছতেই সুভাষ বৰাৰ পক্ষত থিয় দিছে এখন গাঁওৰ অধিকাংশ জনতা৷
পৰিয়ালৰ ভাষ্য অনুযায়ী, ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত নাছিল সুভাষ বৰা। সুভাষ বৰা গৈছিল দোকানৰ সামগ্ৰী আনিবলৈ।
কিন্তু বিনা কাৰণতে আৰক্ষীয়ে বজাৰ কৰি থকাৰ সময়তে আটক কৰে সুভাষক। অভিজিত শইকীয়া নামৰ কৰ্মচাৰীয়ে দিয়া ভাষ্য অনুযায়ী, সুভাষ বৰা এই ঘটনাৰ সৈতে কোনো প্ৰকাৰেই জড়িত নহয়।
আনকি ভিডিঅ’ ক্লিপত নাছিল সুভাষ ছবি।
ইফালে সুভাষ বৰা আটক হোৱাৰ পাছতে ভগামুখ আৰক্ষী থানাত পৰিয়ালৰ লোকে কৰিছে আবেদন।
ইয়াৰ পাছতেই যেন এতিয়া মানসিকভাৱে ভাঙি পৰিছে পৰিয়ালৰ লোক আৰু গাঁওবাসী।









