এইবাৰ এক ব্যতিক্ৰমী ৰূপত মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী।
ৰাজনৈতিক নেতাৰ ৰূপত নহয় এইবাৰ ঋষি গৰ্গমুনিৰ ৰূপত ৰূপজ্যোতি কুৰ্মী।
শুকুৰবাৰে মৰিয়নীত বিশ্বকৰ্মা পূজা উপলক্ষ্যে আয়োজন কৰা ‘দস্যু ৰত্নাকৰৰ মুক্তি লাভ’ নামৰ ভাওনাখনৰ গৰ্গমুনিৰ চৰিত্ৰত অভিনয় কৰে কুৰ্মীয়ে।
বিশ্বকৰ্মা পূজাৰ উপলক্ষে বিগত বৰ্ষৰ দৰে এইবেলিও দেবেৰাপাৰ চাৰিআলিৰ মেজিক সন্থাই এক ভাওনা সবাহ অনুষ্ঠিত কৰে।

মেজিক ষ্টেণ্ডত অনুষ্ঠিত এই ভাওনা সবাখন ৰূপজ্যোতি কুৰ্মীৰ পৰিয়ালৰ লোকে আগবঢ়াইছিল লগতে প্ৰাক্তন বিধায়ক গৰাকীয়ে ভাওনা সবাত গৰ্গমুনিৰ চৰিত্ৰত অভিনয় কৰে।
আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণৰ মাজত নিজৰ পূৰ্বৰ ভাৱমূৰ্তি অক্ষুন্ন ৰখাৰ বাবে ভাওনাত অভিনয় কৰে ৰূপজ্যোতি কুৰ্মীয়ে।









